শিৱসাগৰত কৰ্ণাটক আৰক্ষীৰ অভিযানঃ দুই চাইবাৰ অপৰাধীক আটক...

শিৱসাগৰত কৰ্ণাটক আৰক্ষীৰ অভিযানঃ দুই চাইবাৰ অপৰাধীক আটক...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত কৰ্ণাটকৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে জাকিৰ আলম বৰা আৰু পৱন কুমাৰ বৰপাত্ৰ নামৰ দুজন চাইবাৰ অপৰাধীক। কৰ্ণাটকৰ আৰক্ষীৰ দল শিৱসাগৰত উপস্থিত হৈ এই দুই চাইবাৰ ক্ৰাইমৰ অভিযুক্তক সোধপোছ কৰাৰ অন্তত দুয়োজনক আজি কৰ্ণাটক আৰক্ষীয়ে বিমানেৰে কৰ্ণাটকলৈ লৈ যায়।

এই ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই দুয়োজন চাইবাৰ বিৰুদ্ধে ১ কোটি ২৮ লাখ টকা হৰলুকিৰ অভিযোগ পোৱা গৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, শিৱসাগৰৰ জাকিৰ বৰা নামৰ যুৱকজনে নগাঁৱৰ এজন ব্যক্তিৰ সহযোগত শিৱসাগৰৰ বানমুখৰ পবন কুমাৰ বৰপাত্ৰৰ নামত বেংকত এটা একাউন্ট খুলি দিয়ে। আৰু অনলাইন বেংকিঙৰ জৰিয়তে পবন কুমাৰ বৰপাত্ৰৰ বেংক একাউন্টত কৰ্ণাটকৰ কোনো অজ্ঞাত উৎসৰপৰা জমা হয় প্ৰায় ১ কোটি ২৮ লাখ টকা।

এই বৃহৎ পৰিমাণৰ ধনৰাশি পবন কুমাৰ বৰপাত্ৰৰ বেংক একাউন্টত ডিপ'জিট হোৱাৰ পাছত ন্যূনতম পৰিমাণৰ ধন পবন কুমাৰ বৰপাত্ৰক দিয়াৰ বিপৰীতে বাকী ধনৰাশি চতুৰ চাইবাৰ অপৰাধীকেইজনে প্ৰায় ৯০ টা পৃথক পৃথক বেংক একাউন্টলৈ ট্ৰেন্সফাৰ কৰিছিল।

এই হৰলুকি হোৱা ধনৰাশি কৰ্নাটকৰ এজন চিকিৎসকৰ বুলি জানিব পৰা গৈছে। চিকিৎসকজনে আৰক্ষীক এই সম্পৰ্কে জনোৱাৰ পিছতে আৰক্ষীৰ তদন্তত সমগ্ৰ হৰলুকিৰ ঘটনা উন্মোচিত হয়। কৰ্নাটক আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি শিৱসাগৰত উপস্থিত হৈ দুই চাইবাৰ অপৰাধীক আটক কৰি বেংগালুৰুলৈ লৈ যায়।

শিৱসাগৰত কৰ্ণাটক আৰক্ষীৰ অভিযানঃ দুই চাইবাৰ অপৰাধীক আটক...
শিলচৰত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in