/asomiyapratidin/media/media_files/2024/12/26/yeoE43wTiwswDc9GC1MK.jpg)
ডিজিটেল ডেস্কঃ কৰ্ণাটক আৰক্ষীক বহু গোচৰ নিস্পত্তিত সহায় কৰা চাৰিঠেঙীয়া ৰিয়েল নায়িকা ৰীতা আৰু নাই । বুধবাৰে ৰীতা নামৰ এই কুকুৰটোৱে শেষ নিশ্বাস ত্যাগ কৰে । ২০১৪ চনত জন্মগ্ৰহণ কৰা কৰ্ণাটক আৰক্ষীৰ চাৰি ভৰিৰ নায়িকাগৰাকীয়ে বিভাগটোলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল ।
কালাবুৰাগী জিলা আৰক্ষী ডগ স্কোয়াডৰ অন্তৰ্গত এই কুকুৰটো কেইবাটাও অভিযান আৰু অপৰাধমূলক তদন্তৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। বুধবাৰে কালাবুৰাগী আৰক্ষীয়ে নিজৰ ক্ৰাইম স্কোয়াড কুকুৰ ৰীতাক বিদায় দিয়ে।
২৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা ৰীতাৰ পুলিচ পেৰেড খেলপথাৰৰ সমীপত পূৰ্ণ পুলিচ সন্মানেৰে দাহ কৰা হয়। উল্লেখযোগ্য যে, ৰীতাই কেৰিয়াৰৰ সময়ছোৱাত ৯০০ৰো অধিক গোচৰ সমাধানত সহায় কৰিছিল আৰক্ষীৰ ।