/asomiyapratidin/media/media_files/2025/07/12/web-ap-job-2025-07-12-12-58-06.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকক চাকৰি দিয়াৰ নামত এজন ব্যক্তিয়ে কৰিছিল প্ৰৱঞ্চনা। যুৱকজনৰ পৰা লৈছিল ধন। বিচৰা ধন আদায় দিয়াৰ পিছতো যুৱকজনে নাপালে চাকৰি। যিগৰাকী ব্যক্তিক চাকৰিৰ বাবে টকা দিছিল সেই মানুহ জনেও কৰিলে আত্মগোপণ।
চাকৰি নোপোৱাৰ বেদনা আৰু কষ্টোপাৰ্জিত ধন হেৰুৱাই ক্ষোভ, বেদনাত ভাঙি পৰা যুৱকজন চাপিল আৰক্ষীৰ। আৰক্ষীক জনালে সবিশেষ। ৰুজু হ’ল গোচৰ। অতিক্ৰম কৰিলে ৩৫ বছৰ।
অৱশেষত আৰক্ষীয়ে ধৰিলে চাকৰিৰ নামত প্ৰৱঞ্চনা কৰা সেই ব্যক্তিজনক। চাকৰি দিম বুলি ২০০ টকা প্ৰৱঞ্চনা কৰা সেই ব্যক্তিজনক কৰিলে গ্ৰেপ্তাৰ।
১৯৯০ চনৰ কথা। এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান ভেংকটেশ মহাদেৱ বৈদ্যই স্কুলীয়া শিক্ষা শেষ কৰি ভৰি থৈছে কলেজত। তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে দৈনিক মজুৰি কৰে। কোনোমতে তেওঁলোকে পৰিয়ালটো পোহপাল দিয়ে।
পিতৃ-মাতৃক সহায় কৰিবলৈকে ভেংকটেশে বিচাৰি আছিল এটা কাম। তাৰ মাজতেই তেওঁ লগ পায় বি কেশৱমূৰ্তি ৰাও নামৰ এজন ব্যক্তিক। বি কেশৱমূৰ্তিয়ে ভেংকটেশৰ সকলো কথা শুনি তেওঁক দিলে এটা প্ৰস্তাৱ।
যদিহে ভেংকটেশে ২০০ টকা দিব পাৰে তেন্তে তেওঁ তাক এটা চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে। সেইমতেই ভেংকটেশে কোনোমতে যোগাৰ কৰিলে ২০০ টকা। আজিৰ তাৰিখত ২০০ টকা কাৰোবাৰ বাবে হাতৰ মলি হলেও আজিৰ পৰা ৩৫ বছৰ পূৰ্বে ২০০ টকা সাধাৰণ কথা নাছিল।
বিশেষকৈ দৈনিক মজুৰি কৰা শ্ৰমিকৰ পৰিয়ালৰ বাবে। কিন্তু চৰকাৰী চাকৰি পোৱাৰ আশাত তেওঁলোকে বহু কষ্ট কৰি যোগাৰ কৰিলে ২০০ টকা। পিছে প্ৰৱঞ্চক বি কেশৱমূৰ্তিয়ে ভেংকটেশৰ অসহায় অৱস্থাৰ সুযোগ লৈ চাকৰি দিয়াৰ নামত সেই টকা লৈ পলাল।
টকাও গ’ল, চাকৰিও নাপালে ভেংকটেশে। তেওঁ সমগ্ৰ বিষয় সামৰি আৰক্ষীক অভিযোগ কৰে। তদন্ত আৰম্ভ হ’ল। অৱশ্যে অভিযুক্তক বিচাৰি উলিয়াব পৰা নাছিল তদন্তকাৰীয়ে।
সময় বাগৰিল। পিছত টকা নিদিয়াকৈ, নিজৰ প্ৰতিভাৰ বলতে ভেংকটেশে বেংকত চাকৰি পালে। সলনি হ’ল তেওঁৰ জীৱন। আজি তেওঁ সু-প্ৰতিষ্ঠিত। পাহৰি গৈছিল চাকৰিৰ নামত ২০০ টকা প্ৰৱঞ্চনাৰ কাহিনী।
কিন্তু প্ৰতি বছৰেই আৰক্ষী থানাই তেওঁক ফোন কৰি তেওঁ দাখিল কৰা গোচৰৰ ভিত্তিত অভিযুক্তক বিচাৰি পোৱা নাই বুলি জনাইছিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰিয়েই শেহতীয়াকৈ থানাৰ পৰা পুনৰ ফোন আহিল।
ভেংকটেশৰ ধাৰণা আছিল পুনৰ একেখিনি কথাকেই ক’ব। কিন্তু এইবাৰ আৰক্ষীয়ে দিলে আন এক খবৰ। আৰক্ষীয়ে ধৰিলে ৩৫ বছৰ পূৰ্বে তেওঁক চাকৰিৰ নামত প্ৰৱঞ্চনা কৰা ব্যক্তিজনক।
ছিৰচি গ্ৰাম্য থানাত এজাহাৰ দাখিল কৰিছিল ভেংকটেশে। সেই থানাৰ নতুন বিষয়াজনে পুৰণি গোচৰৰ ফাইল খুলিছিল। তেতিয়াই তেওঁৰ চকুত পৰিল ২০০ টকীয়া প্ৰৱঞ্চনাৰ গোচৰটো।
তেওঁ তদন্ত আৰম্ভ কৰিলে। সেই তদন্তত গম পালে যে অভিযুক্ত বি কেশৱমূৰ্তি ৰাও এতিয়া বেংগালুৰুত থাকে। তালৈ পুলিচ এজন পঠিয়াই দিলে। সকলো নিশ্চিত কৰাৰ পিছত আৰক্ষীয়ে বি কেশৱমূৰ্তিক গ্ৰেপ্তাৰ কৰে।
১৯৯০ চনৰ সেই প্ৰৱঞ্চক কেশৱমূৰ্তিৰ বয়স এতিয়া ৭২ বছৰ। তেওঁক গ্ৰেপ্তাৰ কৰি লৈ অহাৰ পিছতে খবৰ দিলে ভেংকটেশক। তেওঁ আৰক্ষী থানালৈ আহি কেশৱমূৰ্তিক দেখিও চিনিব নোৱাৰিলে।
অভিযুক্তক আদালতলৈও লৈ যোৱা হ’ল। আদালতত ভেংকটেশে ন্যায়াধীশক জনালে, ৭২ বছৰীয়া বৃদ্ধ কেশৱমূৰ্তিয়ে আৰু এতিয়া জে’লৰ ভিতৰত দিন কটাব নালাগে। অৱশ্যে তেওঁ এই কথাও ক’লে ৩৫ বছৰ পূৰ্বে তেওঁৰ চাকৰিৰ নামত ২০০ টকা হেৰুওৱাৰ যি যন্ত্ৰণা সেয়া এতিয়াও তেওঁ অনুভৱ কৰে।
এই ঘটনাৰ বাবে ন্যায়ালয়ত বি কেশৱমূৰ্তিয়ে সকলোৰে আগত ক্ষমা বিচাৰে। ন্যায়ালয়েও গোচৰটো তাতেই সামৰিলে। চাকৰি দিয়াৰ নামত ২০০ টকা হজম কৰা আৰু ৩৫ বছৰ পিছত বৃদ্ধ অৱস্থাত গ্ৰেপ্তাৰ হোৱাৰ এই কাহিনী কৰ্ণাটকৰ।
গোচৰটোৰ অন্তত কেশৱমূৰ্তি আৰু ভেংকটেশ দুয়োৱে ফটোও উঠিলে। মনত পেলালে ৩৫ বছৰৰ আগৰ কাহিনী। কিযে বিচিত্ৰ এই জীৱন!