হিজাব পৰিধান কৰাটো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়: কৰ্ণাটক উচ্চ ন্যায়ালয়

হিজাব পৰিধান কৰাটো বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়: কৰ্ণাটক উচ্চ ন্যায়ালয়

author-image
asomiyapratidin
New Update
ইছলাম অনুসৰি ৰাজহুৱা স্থানত মাত মতাৰ অধিকাৰ নাই মহিলাৰ, তেন্তে প্ৰতিবাদ কিয় কৰিছে- খান

ডিজিটেল ডেস্ক: হিজাব বিতৰ্কৰ ওপৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰে। ন্যায়ালয়ে কয় যে হিাজাব পৰিধান কৰাটো অনিবাৰ্য ধৰ্মীয় প্ৰথা নহয়। ইয়াৰ লগতে ন্যায়ালয়ে ইযাৰ ওপৰত  নিষেধাজ্ঞা জাৰি ৰাখিছে।

Advertisment

উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া সদস্যৰ এখন বিচাৰপীঠে  কয় যে ইউনিফৰ্ম পৰিধান কৰাটো শিক্ষাৰ্থী সকলে অস্বীকাৰ কৰিব নোৱাৰে। ন্যায়ালয়ে মুছলিম যুৱতীৰ আৱেদন খাৰিজ কৰি তয় যে হিজাব পৰিধান কৰাটো এক বাধ্যতামূলক ধৰ্মীয় প্ৰথা নহয়।"

ইয়াৰ পূৰ্বে, গোচৰটোৰ শুনানিৰ সময়ত কৰ্ণাটক চৰকাৰে আদালতত যুক্তি দিছিল যে হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয় আৰু ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে। হিজাব গোচৰৰ শুনানি গ্ৰহণ কৰি থকা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পূৰ্ণ বিচাৰপীঠত হাজিৰ হোৱা ৰাজ্যিক অধিবক্তা জেনেৰেল প্ৰভুলিঙ্গ নাভাদগীয়ে কৈছিল, "হিজাব এটা প্ৰয়োজনীয় ধৰ্মীয় পৰম্পৰা নহয়। ড০ ভীমৰাও আম্বেদকাৰে সংবিধান সভাত কৈছিল যে "আমি আমাৰ ধৰ্মীয় নিৰ্দেশনাবোৰ শিক্ষানুষ্ঠানৰ বাহিৰত ৰাখিব লাগে"।

hijab high court karnataka