বিবাহে পুৰুষক বিশেষাধিকাৰ প্ৰদান নকৰে যে পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰিব: কৰ্ণাটক উচ্চ ন্যায়ালয়

বিবাহে পুৰুষক বিশেষাধিকাৰ প্ৰদান নকৰে যে পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰিব: কৰ্ণাটক উচ্চ ন্যায়ালয়

author-image
asomiyapratidin
New Update
বিবাহে পুৰুষক বিশেষাধিকাৰ প্ৰদান নকৰে যে পত্নীক জন্তুৰ দৰে ব্যৱহাৰ কৰিব: কৰ্ণাটক উচ্চ ন্যায়ালয়

ডিজিটেল ডেস্ক: পত্নীৰ সৈতে বলাৎকাৰক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দান কৰিছে।বুধবাৰে এটা গোচৰৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে বিয়াৰ অৰ্থ এয়াই নহয় যে  স্বামীয়ে পত্নীৰ লগত নিৰ্যাতন কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰিছে।

Advertisment

ন্যায়ালয়ে কয় যে "বিবাহে সমাজত কোনো পুৰুষক বিশেষাধিকাৰ প্ৰদান নকৰে, বা এগৰাকী মহিলাক নিষ্ঠুৰভাৱে জন্তুৰ দৰে ব্যৱহাৰ কৰাৰ দৰে অধিকাৰ নিদিয়ে।যদি কোনো পুৰুষে মহিলাৰ ইচ্ছা অবিহনে সম্বন্ধ স্থাপন কৰে তেন্তে সেই পুৰুষজন দণ্ডিত হ'ব লাগে লাগিলে তেওঁ স্বামীয়ে নহওক কিয়"।

ন্যায়ালয়ে কয় যে যেতিয়া স্বামীয়ে নিজৰ পত্নীৰ লগত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে মহিলা গৰাকীৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰে।এনেধৰণৰ ঘটনাৰ পৰা মহিলা এগৰাকী ভিতৰৰ পৰা শংকিত হৈ পৰে, যাৰ ফলত তেওঁৰ মন আৰু শীৰৰত প্ৰভাৱ পৰে।যদি সন্মতি অবিহনে স্বামীয়ে পত্নীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তাক বলাৎকাৰ বুলি ক'ব পাৰি। লগতে ন্যায়ালয়ে এক বিশেষ আদেশ দিয়ে যে কোনো স্বামীয়ে পত্নীৰ লগত বলপূৰ্বক সম্পৰ্ক স্থাপন কৰিলে তেওঁৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ উত্থাপন কৰিব পাৰিব।

crime rape karnataka high court marital rape karnataka