পৰ্বতসম সম্পত্তি! দেশৰ কোন ৰাজ্যত আছে সবাতোকৈ ধনী বিধায়ক...

ৰাজনৈতিক নেতাসকলৰ বিশাল ধন-সম্পত্তিৰ কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। কিন্তু আপুনি জানেনে, দেশৰ ভিতৰতে কোনখন ৰাজ্যত আছে সবাতোকৈ ধনী বিধায়ক। এ ডি আৰৰ তথ্য অনুসৰি, দেশৰ ভিতৰতে সৰ্বাধিক ধনী বিধায়ক থকা ৰাজ্যখন হৈছে কৰ্ণাটক। 

author-image
Asomiya Pratidin
New Update
dhoni্্্

ডিজিটেল ডেস্কঃ ৰাজনৈতিক নেতাসকলৰ বিশাল ধন-সম্পত্তিৰ কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। কিন্তু আপুনি জানেনে, দেশৰ ভিতৰতে কোনখন ৰাজ্যত আছে সবাতোকৈ ধনী বিধায়ক। এ ডি আৰৰ তথ্য অনুসৰি, দেশৰ ভিতৰতে সৰ্বাধিক ধনী বিধায়ক থকা ৰাজ্যখন হৈছে কৰ্ণাটক। 

কৰ্ণাটকৰ ৩১গৰাকী বিধায়কৰ সম্পত্তিৰ পৰিমাণ ১০০কোটিতকৈ অধিক। ৰাজ্যখনত সবাতোকৈ ধনী বিধায়কগৰাকী হৈছে উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। তেওঁৰ ওচৰত থকা মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৪১৩কোটি। ইফালে কৰ্ণাটকৰ মন্ত্ৰী-বিধায়কসকলৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে-  ১৪,১৭৯কোটি টকা। 

দেশৰ ১০গৰাকী ধনী বিধায়কৰ তালিকাত থকা ৪গৰাকী বিধায়কেই হৈছে কৰ্ণাটকৰ। তালিকাত আছে অন্ধ্ৰপ্ৰদেশৰ ৪গৰাকী বিধায়কো। ভাৰতৰ মুঠ ১১৯গৰাকী বিধায়কৰ ওচৰত আছে ১০০কোটিৰো অধিক সম্পত্তি। এই বিধায়কসকলৰ ভিতৰত ৬৩শতাংশ বিধায়ক কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ। 

উল্লেখ কৰা প্ৰয়োজন যে, কৰ্ণাটকৰ প্ৰতিগৰাকী বিধায়কৰ ওচৰত গড় হিচাপত আছে প্ৰায় ৬৪কোটি টকাৰ সম্পত্তি। অন্ধ্ৰপ্ৰদেশৰ প্ৰতিগৰাকী বিধায়কৰ ওচৰত গড় হিচাপত আছে ৬৫কোটি টকাৰ সম্পত্তি।  ধনী বূিধায়কৰ তালিকাত প্ৰথম স্থানত কৰ্ণাটক, দ্বিতীয় স্থানত অন্ধ্ৰপ্ৰদেশ আৰু তৃতীয় স্থানত আছে মহাৰাষ্ট্ৰ। 

কৰ্ণাটক চৰকাৰ