ওম প্ৰকাশৰ ৰহজ্যজনক মৃত্যু, পত্নী আৰু কন্যাক জেৰা আৰক্ষীৰ

কৰ্ণাটকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্য খনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক দেওবাৰে বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা বাসগৃহত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

author-image
Asomiya Pratidin
New Update
কোনে হত্যা কৰিলে প্ৰাক্তন ডিজিপিক?

কোনে হত্যা কৰিলে প্ৰাক্তন ডিজিপিক?

ডিজিটেল ডেস্ক: কৰ্ণাটকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্য খনৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ওম প্ৰকাশক দেওবাৰে বেংগালুৰুৰ এইচ এছ আৰ লেআউটত থকা বাসগৃহত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁৰ তিনিমহলীয়া ঘৰৰ তলৰ মহলাত উদ্ধাৰ হৈছে তেওঁৰ তেজেৰে লুটুৰি-পুতুৰি হৈ থকা মৃতদেহটো। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰে প্ৰাক্তন ডিজিপি গৰাকীৰ পত্নী পল্লৱীয়ে।

Advertisment

ওম প্ৰকাশৰ মৃতদেহত আঘাতৰ চিন পোৱা গৈছে, যাৰ ফলত প্ৰাথমিক তদন্তত তেওঁক হত্যা কৰা বুলি সন্দেহৰ সৃষ্টি হৈছে। আৰক্ষীয়ে তেওঁৰ  পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্য জড়িত থকাৰ সন্দেহ কৰিছে প্ৰকাশ কৰিছে। যাৰবাবে আৰক্ষীয়ে তেওঁৰ পত্নী আৰু কন্যাক জেৰা কৰিছে।
বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।

খবৰ অনুসৰি প্ৰাক্তন আৰক্ষী বিষয়া ওম প্ৰকাশে নিজৰ সমগ্ৰ সম্পত্তি পুত্ৰৰ হাতলৈ হস্তান্তৰ কৰিব বিচাৰিছিল। এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে। যাৰবাবে আৰক্ষীয়ে পত্নীক জেৰা অব্যাহত ৰাখিছে।

কৰ্ণাটক ডিজিপি আৰক্ষীৰ শীৰ্ষ বিষয়া