৭লাখ কৰ্মচাৰীৰ বাঢ়িব দৰমহা! অচিৰেই মুখ্যমন্ত্ৰীয়ে কৰিব ঘোষণা...

৭লাখ কৰ্মচাৰীৰ বাঢ়িব দৰমহা! অচিৰেই মুখ্যমন্ত্ৰীয়ে কৰিব ঘোষণা...

author-image
Asomiya Pratidin
New Update
৭লাখ কৰ্মচাৰীৰ বাঢ়িব দৰমহা! অচিৰেই মুখ্যমন্ত্ৰীয়ে কৰিব ঘোষণা...

ডিজিটেল ডেস্কঃ ভাল খবৰ। ৭লাখ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ অচিৰেই আহি আছে। কিয়নো অহা ১আগষ্টৰ পৰা দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰা অনুসৰি এই ঘোষণা অতি সোনকালে কৰিব মুখ্যমন্ত্ৰীয়ে।

কৰ্ণাটক চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সপ্তম বেতন আয়োগৰ অনুসৰি ৰাজ্য়ৰ ৭লাখ কৰ্মচাৰীৰ দৰমহা ২৭.৫শতাংশ বৃদ্ধি কৰিব কৰ্ণাটক চৰকাৰে। যাৰ বাবে কৰ্ণাটক চৰকাৰে বছৰি ১৭,৪৪০.১৫কোটি টকা অতিৰিক্তকৈ খৰছ কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, দৰমহা বৃদ্ধি নকৰিলে কৰ্ণাটকৰ এই ৭লাখ কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।

কৰ্ণাটক চৰকাৰ