/asomiyapratidin/media/media_files/2025/02/07/TBrSw2A9Os7DlqJCzwSn.jpg)
আমেৰিকা.
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পৰা ১০৪গৰাকী অবৈধ প্ৰৱাসী ভাৰতীয়ক দেশলৈ হাতত শিকলি বান্ধি পঠোৱা কাৰ্যক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, আমেৰিকাই সম্পূৰ্ণ বিদেশ নীতি অনুসৰিয়েই এই কাম কৰিছে আৰু এই প্ৰক্ৰিয়াত কোনো ভুল নাই।
হাতত শিকলি বান্ধি ভাৰতলৈ পঠোৱা এই কাৰ্যক লৈ দেশৰ ৰাজনীতিও গৰম হৈ আছে। বিৰোধীয়ে এই কাৰ্যক অমানৱীয় আখ্যা দি সদনত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘটনাটোৱে অধিক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে শেহতীয়াকৈ হাৰিয়ানাৰ এগৰাকী যুৱকে মুখ খুলিছে। হাৰিয়ানাৰ এই যুৱকগৰাকীক ২০২০চনত আমেৰিকাই ভাৰতলৈ অবৈধ প্ৰৱাসী আখ্যা দি উভতাই পঠাইছিল।
অংকিত নামত হাৰিয়ানাৰ এই যুৱকগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সদৰি কৰিছে যে, আমেৰিকাই কেৱল এইবাৰেই নহয়, ইয়াৰ আগতেও এনেদৰে ভাৰতীয়সকলক দেশলৈ উভতাই পঠাইছে। ২০২০চনত এনেদৰে ১৭৮গৰাকী ভাৰতীয়ক দেশলৈ উভতাই পঠাইছিল আমেৰিকাই। এই ১৭৮গৰাকী ভাৰতীয়ৰ ভিতৰত আছিল হাৰিয়ানৰ অংকিত নামৰ এই যুৱকজনো।
অংকিতে সদৰি কৰা অনুসৰি, ২০২০ত তেওঁলোককো হাতত শিকলি বান্ধি ভাৰতলৈ উভতাই পঠোৱা হৈছিল। কোৰোনা কালৰ সময়ত বিমানেৰে ভাৰতত উপস্থিত হোৱাৰ পাছত তেওঁলোকক পাঞ্জাৱ আৰক্ষীয়ে চমজি লৈছিল আৰু চণ্ডীগড়়ত ভালেমান দিন কোৱাৰেন্টাইন হৈ থকাৰ কথাও সদৰি কৰিছে অংকিতে।
অংকিতে লগতে কয় যে, প্ৰায় ৩২লাখ টকা খৰছ কৰি এক গোপন পথেৰে তেওঁলোকৰ এটা দলে প্ৰৱেশ কৰিছিল আমেৰিকাত। তাৰ কিছুদিনৰ পাছতে তেওঁলোকক আটক কৰিছিল নিৰাপত্তাৰক্ষীয়ে। অংকিতে আমেৰিকাত এখন কেফে খোলাৰ কথাও সদৰি কৰিছে সংবাদ মাধ্যমৰ আগত।