প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ কৰ্মযোগী-২০২৪ বঁটা...

প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ কৰ্মযোগী-২০২৪ বঁটা...

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ কৰ্মযোগী-২০২৪ বঁটা ঘোষণা।  সংবাদমেল যোগে এই কথা জনালে স্বৰ্গীয় ধনেশ্বৰ তালুকদাৰ আৰু সব্যা তালুকদাৰৰ স্মৃতি সংৰক্ষণী সমিতিৰ উপদেষ্টা বিশিষ্ট শিক্ষাবীদ মুনীন্দ্ৰ নাৰায়ন গোস্বামীয়ে

জেষ্ঠ অধিবক্তা গোপাল তালুকদাৰ পিতৃ-মাতৃ স্বৰ্গীয় ধনেশ্বৰ তালুকদাৰ আৰু সব্যা তালুকদাৰৰ পবিত্ৰ স্মৃতিত প্ৰতিবছৰৰ দৰে ডুমুৰীয়া গাওৰ ৰাইজে কৰ্মযোগী বঁটা প্ৰদান কৰি আহিছে। এইবেলি পঞ্চমবৰ্ষৰ বাবে "কৰ্মযোগী  ২০২৪"  বঁটা প্ৰদান কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক

উক্ত বঁটা আনুস্থানিক ভাবে প্ৰদান কৰিব অহা ২২ ফেব্ৰুৱাৰীত বজালীৰ ডুমুৰীয়াৰ এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত। উক্ত অনুষ্ঠানত উপস্থিত থাকিৱ অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বিশিষ্ট ব্যক্তি সকল। বৰ্তমান সময়ত পিতৃ-মাতৃ সকলক পুত্ৰ-বোৱাৰীসকলে অনাদৃত, অৱহেলিত কৰা দেখা যায়।

আনকি এচাম লোকে পিতৃ-মাতৃক ঘৰৰ পৰা মানসিক নিৰ্যাতন কৰি উলিয়াই দিয়াৰো অলেখ উদাহৰণ আছে। এনেকুৱা সময়ত গোপাল তালুকদাৰে তেওঁৰ পিতৃ-মাতৃৰ স্মৃতি সজীৱ কৰি ৰখাৰ অৰ্থে  এনেকুৱা মহানুভৱতাৰ পৰিচয় দিয়াই নহয় নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা মৰম-স্নেহ-ভক্তি সদাই স্মৰণীয় হৈ থাকিব "কৰ্মযোগী ২০২৪" বটাত থাকিব ফুলাম গামোচা, চেলেঙ চাদৰ, জাপি, সম্বৰ্ধনা পত্ৰ আৰু নগধ ধনৰ লগতে স্মাৰক পত্ৰ। উক্ত অনুস্থানত স্মৃতি সংৰক্ষণী সমিতিৰ উপদেষ্টা বিশিষ্ট শিক্ষাবীদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে সকলো ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।

প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়ালৈ কৰ্মযোগী-২০২৪ বঁটা...
‘সেই জন্তুটোৰ নাম কি’ ৰ বাবে নিলীম কুমাৰলৈ কাব্য সাহিত্য বঁটা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in