ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিৰ বিশাল জোৰ সমদল

আজি ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত স্বহীদ হোৱা বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশাল জোৰ সমদল উলিয়াই বিজেপিয়ে। 

author-image
Asomiya Pratidin
New Update
new ap web 4 (4)

ডিজিটেল ডেস্কঃ আজি ২৬ সংখ্যক কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত স্বহীদ হোৱা বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ মানসেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশাল জোৰ সমদল উলিয়াই বিজেপিয়ে। 

Advertisment

সন্ধিয়া শিলচৰত কাছাৰ জিলা বিজেপিৰ উদ্যোগত ইটখলাৰ দলীয় কাৰ্যালয়ৰ পৰা জোৰ সমদল উলিওৱা হয়। জোৰ সমদলত ৰাজ্যৰ তিনিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালৰ লগতে ৰবীন্দ্ৰনাথ ৰাজু, প্ৰাক্তন সাংসদ ডা: ৰাজদ্বীপ ৰয় সহ কাছাৰৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইফালে, বাক্সাৰ মুছলপুৰতো ভাৰতীয় জনতা পাৰ্টী বাক্সা জিলা সমিতিৰ উদ্যোগত বিশেষ সমদল উলিওৱা হয়। সমদলকাৰীসকলে বীৰ জোৱান অমৰ হওঁক, ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি বিভিন্ন ধ্বনিৰে মুখৰিত কৰি তোলে মুছলপুৰৰ আকাশ-বতাহ। 

একেদৰে, নৱগঠিত ৰঙিয়া বিধানসভা সভা সমষ্টিৰ বৰপুল্লাত কাৰ্গিল বিজয় উৎসৱ পালন কৰা হয়। ৰঙিয়া বিজেপি উত্তৰ কামৰূপ যুৱ মৰ্চাৰ উদ্যোগত পালন কৰা হয় এই কাৰ্গিল বিজয় উৎসৱ। এই বিজয় উৎসৱত অংশ লয় ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কিষাণ মৰ্চাৰ উপ সভাপতি নিবাৰণ লহকৰ, বিজেপি কামৰূপ জিলা সভাপতি ভাস্কৰ দাসে। প্ৰায় পাঁচ শতাধিক বিজেপি কৰ্মীয়ে হাতে হাতে জোৰ লৈ বাহিৰ কৰে এক বিশাল সমদল।

আনহাতে, কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মায়ঙৰ ঝাৰগাঁৱতো বিজেপিৰ নেতা কৰ্মী সকলে জোৰ সমদল উলিয়ায়। মৰিগাঁও জিলাৰ বিজেপিৰ নেতা কৰ্মী সকলে আজিৰ জোৰ সমদলত বিভিন্ন শ্লোগান দি ৰাজপথেৰে আগবাঢ়ে। ঝাৰগাঁওৰ হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা জোৰ সমদল সমাপ্ত হয় ঝাৰগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত। প্ৰায় সহস্ৰাধিক লোকে এই সমদলত অংশগ্ৰহণ কৰে।

শ্ৰীভূমিতো জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা কাৰ্গিল বিজয় দিৱস উপলক্ষে বিজেপি কৰ্মী সকলে আয়োজন কৰা সমদলৰ সামৰনি পৰে এওচি পইন্টত । ভাৰত মাতাৰ জয়ধ্বনীৰে বিজেপি কৰ্মী সকলে আজি যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় বীৰ জোৱান সকলক স্মৰণ কৰে। 

assam bjp কাৰ্গিল