কাৰ্বি আংলঙৰ নিৰ্মীয়মান ২৯ নং ৰাষ্টীয় ঘাইপথত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ...

কাৰ্বি আংলঙৰ নিৰ্মানাধীন ২৯ নং ৰাষ্টীয় ঘাইপথত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙৰ নিৰ্মীয়মান ২৯ নং ৰাষ্টীয় ঘাইপথত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ দুৰ্নীতিৰে ভৰি পৰা কাৰ্বি আংলং জিলাত পুনৰ উত্থাপন হৈছে আন এক গুৰুত্বৰ দুৰ্নীতিৰ অভিযোগ। অভিযোগ অনুসৰি ধনশিৰী আৰু বৰজান সমষ্টিৰ বহু ম্যাদী পট্টা থকা ভূমিৰ অধিকাৰীয়ে আজি পৰ্যন্ত নাপালে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তৰ্ভুক্ত হোৱা ভূমিৰ ক্ষতিপূৰণ।

Advertisment

উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ডিলাই থানাৰ অন্তৰ্গত স্থানীয় কিছু সংখ্যক ম্যাদী পট্টা ধাৰী লোকে তেওঁলোকৰ ভূমিৰ ওপৰেদি চাৰিলেন যুক্ত পথ নিৰ্মাণ হৈ যোৱাৰ পাছতো প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ দৰে আন এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ বিভাগৰ একাংশ বিষয়া, লাট মণ্ডল আৰু ৰাষ্টীয় ঘাইপথৰ একাংশ বিষয়াৰ বিৰুদ্ধেও অভিযোগ তুলিছে অভিযোগকাৰী সকলে। আনৰ ভূমি দখল কৰি জালিয়াতিৰে আনৰ প্ৰাপ্য ধন আত্মসাত কৰা বুলিও অভিযোগ একাংশ ভুক্তভোগীৰ।

এতিয়া এই ম্যাদী পট্টা থকা মাটিৰ গৰাকীয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাংক সংশ্লিষ্ট বিষয়ৰ ওপৰত এক উচিত তদন্ত কৰি আচল ভূমিৰ গৰাকীক তেওঁলোকৰ প্ৰাপ্য তথা ক্ষতিপূৰণ খিনি অতি সোনকালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে তাৰবাবে সংবাদ মাধ্যমৰ জৰিয়তে দাবি জনাইছে।

Also Read: দলে যাক দিয়ে দিব, পত্নীৰ বাবে মই টিকট বিচৰা নাইঃ ফণীভূষণ চৌধুৰী...

কাৰ্বি আংলং