/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2205e0d0-16a5-4fd0-b09e-4eced82e8e3d/middle_assam.jpg)
ডিজিটেল সংবাদ, নগাওঁ : নগাওঁত পুনৰ জাৰী কৰা হ'ল সতৰ্কতা । আমট্ৰেঙত থকা কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখনকৈ শ্লুইচ গেইট খুলি দিয়া হৈছে বৰপানী নৈৰ ক্ৰমাৎ বৃদ্ধি হৈ অহা জলপৃষ্ঠৰ বাবে ৷ বিগত কিছু দিন ধৰি হৈ অহা মূষলধাৰ বৰষুণৰ ফলত অত্যাধিক পানী জমা হোৱাৰ বাবেই এই চাৰিখন শ্লুইছ গেট খুলি দিবলৈ বাধ্য হয় প্ৰকল্পৰ কৰ্মচাৰী সকল । তেনেস্থলত যিকোনো মুহুৰ্ততে কালনিশা নামি আহিব পাৰে মধ্য অসমলৈ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fc0c1a4c-a284-4052-9bc2-1e67cbc2e767/WhatsApp_Image_2022_10_25_at_12_07_37_PM.jpeg)
আনহাতে, শ্লুইছ গেট খুলি দিয়াৰ পাছতেই সতৰ্কতা জাৰি কৰা হৈছে নগাওঁ, হোজাই আদি নিকটৱৰ্তী অঞ্চলত ৷ কিয়নো ইতিমধ্যেই ভয়াৱহ ভাৱে বৃদ্ধি পাইছে বৰপানীৰ জলপৃষ্ঠ । শ্লুইছ গেটেৰে এৰি দিয়া পানীৰ ফলত প্লাৱিত হৈ ডুব গৈছে বৈথালাংছু-বৰচালি সংযোগী পথটো । যাৰ বাবে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা । প্ৰত্যেক মঙলবাৰে বৈথালাংছুত বহা সাপ্তাহিক বজাৰতো দেখা গৈছে পানী । এনে এক সময়ত স্বাভাৱিকতেই আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে নৈ পৰীয়া ৰাইজক ।