/asomiyapratidin/media/media_files/2025/12/23/whatsapp-im-2025-12-23-21-54-20.jpeg)
ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বজাৰ অঞ্চলত সংঘটিত হোৱা দুৰ্ভাগ্যজনক আৰু হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। খেৰণিৰ শেহতীয়া পৰিস্থিতিক অত্যন্ত উদ্বেগজনক বুলি অভিহিত কৰি লুৰীণজ্যোতিয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত অব্যাহত থকা প্ৰতিবাদক সমৰ্থন জনাই তেওঁ চৰকাৰৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ আন শক্তিয়ে কাঢ়ি নিব বুলি থকা শংকা এতিয়া বাস্তৱত পৰিণত হ'বলৈ ধৰিছে। চৰকাৰে বিভিন্ন ব্যক্তিগত কোম্পানীক জনজাতীয় ভূমি গতাই দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ বাবেই খিলঞ্জীয়া লোকসকল চিন্তিত হৈ পৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক পোনপটীয়াকৈ লক্ষ্য কৰি গগৈয়ে কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাৰ্বি আংলঙক কেৱল এখন ‘এ টি এম’ হিচাপেহে ব্যৱহাৰ কৰি আহিছে।
তেওঁ অভিযোগ কৰে যে, কাৰ্বি পাহাৰৰ সম্পদসমূহ লুণ্ঠন কৰাত চৰকাৰ ব্যস্ত, কিন্তু তাৰ পৰিৱৰ্তে স্থানীয় জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে একোৱেই কৰা নাই। কাৰ্বি আংলঙৰ ভূমিত দীৰ্ঘদিন ধৰি চলি থকা বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ বাবেই আজি পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। এই সমগ্ৰ পৰিস্থিতিৰ বাবে তেওঁ পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক জগৰীয়া কৰে। চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই আজি ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে বুলি তেওঁ মন্তব্য কৰে।
পৰিস্থিতি অধিক অৱনতি নহ’বলৈ শ্ৰী গগৈয়ে চৰকাৰক আহ্বান জনায় যে, এই জটিল বিষয়টো অতি শীঘ্ৰেগণতান্ত্ৰিক পদ্ধতিৰে সমাধান কৰিব লাগে। তেওঁ কয়, "আমি নিবিচাৰো যে কোনো ধৰণৰ হিংসাত্মক ঘটনা বা উত্তেজনাৰ সৃষ্টি হওঁক। চৰকাৰে ৰাইজৰ আৱেগ আৰু ভূমিৰ অধিকাৰক সন্মান জনাই আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিব লাগে।"
উল্লেখ্য যে, কাৰ্বি আংলঙৰ স্থানীয় ৰাইজে নিজৰ অস্তিত্ব আৰু ভূমিৰ সুৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিৰোধী দলসমূহৰ মতে, যদিহে চৰকাৰে সময়মতে ভূমি বেদখলমুক্ত নকৰে আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰে, তেন্তে এই আন্দোলনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us