/asomiyapratidin/media/media_files/2024/12/01/HcG6sQ2mkMnppzaUrQoD.jpg)
ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলং: জিলাখনৰ উমপানাই গড়কাপ্তানি সংমণ্ডলৰ অধীনস্থ নেলীৰ উমপানাই ৰংজাংফং বিৰচিংকিৰ লগতে আমট্ৰেঙৰ মাজত বৰ্তমান পথ নিৰ্মাণ কাৰ্য অব্যাহত আছে। এচ অ পি ডি -জি আঁচনিৰ অধীনস্থ প্ৰায় ৪২ কিঃমি পথৰ বহল আৰু পকীকৰণৰ কাম চলি থকা সময়ত ৰাইজৰ সহযোগিতা কামনা কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে।
আজি আমৰি পৰিষদীয় সমষ্টিত নিৰ্মিয়মান ৪২কি: মি: পথৰ গুণগত মানদণ্ড নিৰূপণৰ উদ্দেশ্যে উক্ত স্থান পৰিদৰ্শন কৰে কাৰ্যবাহী সদস্য ডি উফিং মাছলাই। তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক পথ নিৰ্মাণ আঁচনি প্ৰদান কৰা বাবে ধন্যবাদ। উল্লেখযোগ্য যে উক্ত পথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে জিলাখনৰ দোৱাৰ আমলা, চিণ্ঠং, আমৰি'ৰ লগতে আন্তঃৰাজ্যিক সীমান্ত মেঘালয়ৰ সৈতে যাতায়াতৰ ব্যৱস্থা সূচল হৈ পৰিব।