Advertisment

মেনছিং তিছ'ক ১৬ নং নমাটি মণ্ডল বিজেপিৰ সভাপতি নিৰ্বাচিত

১৬ নং নমাটি মণ্ডল বিজেপিত দ্বিতীয় বাৰৰ বাবে মেনছিং তিছ'ক সভাপতি পদত পুনৰবাৰ অলংকৃত কৰা হৈছে । এই নাম ঘোষণা কৰাৰ লগে-লগেই নমাটিত সমষ্টিত দলীয় কৰ্মী সকলৰ মাজত এক উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা যায়। 

author-image
Asomiya Pratidin
New Update
o

ডিজিটেল সংবাদ, হাওৰাঘাট : পূৱ কাৰ্বি আংলং জিলা বিজেপিয়ে ঘোষণা কৰা মণ্ডল সভাপতি সকলৰ ভিতৰত ১৬ নং নমাটি মণ্ডল বিজেপিত দ্বিতীয় বাৰৰ বাবে মেনছিং তিছ'ক সভাপতি পদত পুনৰবাৰ অলংকৃত কৰা হৈছে । এই নাম ঘোষণা কৰাৰ লগে-লগেই নমাটিত সমষ্টিত দলীয় কৰ্মী সকলৰ মাজত এক উখল-মাখল পৰিৱেশ দেখিবলৈ পোৱা যায়। 

Advertisment

দেওবাৰে পাৰখোৱা দলীয় কাৰ্যালয়ত দুই শতাধিকতকৈ অধিক দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত, নৱ-নিৰ্বাচিত মণ্ডল সভাপতি মেনছিং তিছ'ক আদৰণী জনাবলৈ এক আনুষ্ঠানিক সভা অনুষ্ঠিত হয়। উক্ত আনুষ্ঠানত আদৰণী সভাত সভাপতিত্ব কৰে দলীয় কৰ্মী দিলীম মেছে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা উন্নয়ন খণ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি কৰ্মী জৰ্নেল ৰংহাং,অধ্যক্ষ ধৰমছিং ক্ৰ, হাওৰাঘাট শিক্ষাখণ্ডৰ অধ্যক্ষ প্ৰহ্লাদ বৰদলৈ, পূব কাৰ্বি আংল জিলা বিজেপি অনুসূচীত জনজাতি মৰ্চাৰ উপ-সভাপতি পংকজ বৰদলৈ, পূব কাৰ্বি আংলং জিলা বিজেপি অ বি চি মৰ্চাৰ উপ-সভাপতি পবিত্ৰ বৰা, বিজেপিৰ সক্ৰিয় কৰ্মী ৰুলেন ইংতি,তিলক বড়ো, দ্বিপেন পাটৰ, প্ৰবীন ৰংফাৰকে আদি কৰি বুথৰ সভাপতি, সম্পাদক , মৰ্চাৰ বিষয়-ববীয়াৰ লগতে শক্তিকেন্দ্ৰৰ  সমূহ দলীয় নেতৃ বৃন্দ সকল উপস্থিত থাকে ।

সকলোৱে অতি আনন্দ-উল্লাহেৰে কাৰ্বি পহু, কাৰ্বি জাৰং,  ফুলাম গামোছা, তিৱা গামোছা আদি ইত্যাদিৰে সভাপতি মেনছিং তিছ'ক আদৰণী জনায়। সভাপতি মেনছিং তিছ'ৱে মঞ্চত উপবিষ্ট সকলো জ্যেষ্ঠ দলীয় কৰ্মীৰ পৰা আশীষ বিচাৰি আগন্তুক দিনত বৃহত্তৰ নমাটি সমষ্টিৰ সাংগঠনিক ভেটি মজুত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । 

নমাটি