পশ্চিম কাৰ্বি আংলঙৰ বনজ সম্পদত চোৰাং কাঠ ব্যৱসায়ীৰ শেনচকু!

বন বিভাগে অভিযান চলাই নিশা ১০-৩০ বজাত চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে জব্দকৃত চোৰাং গাড়ীৰ পৰা ইতিমধ্যে কাঠ কটা মেচিন, দা আৰু কৰট উদ্ধাৰ কৰে ।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,কাৰ্বি আংলংঃ   অসম আৰু মেঘালয়ৰ আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চলৰ উমজাকিনি বনবিভাগৰ ৰেঞ্জৰ অধীনস্থ পানপুৰা বীড এলেকাত খাং খাৰা সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ী দপদপনী অব্যাহত আছে।

পশ্চিম কাৰ্বি আংলঙৰ বনজ সম্পদৰ ওপৰত শেনচকু চোৰাং কাঠ ব্যৱসায়ী আৰু দুস্কৃতিকাৰীৰ ৷ এই সন্দৰ্ভত গোপন তথ্যৰ যোগেদি বন বিভাগে অভিযান চলাই নিশা ১০-৩০ বজাত চোৰাং ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে জব্দকৃত চোৰাং গাড়ীৰ পৰা ইতিমধ্যে কাঠ কটা মেচিন, দা আৰু কৰট উদ্ধাৰ কৰে । চোৰাং কাঠ ব্যৱসায়ীৰ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় যদিও দ্ৰাইভাৰজন পলাই যাবলৈ সক্ষম হয় ।

চোৰাং কাঠ ব্যৱসায়ী