/asomiyapratidin/media/media_files/2025/02/27/RvpCfOdcWnADZbanruiE.jpg)
ফুলনিত সাংবাদিক বীৰেন গোৱালাৰ বাসগৃহত উপস্থিত হৈ সমবেদনা 'আপকু'ৰ
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা 'আপকু’ কাৰ্বি আংলং জিলা সমিতিৰ উপ সভাপতি বীৰেন গোৱালাৰ জ্যেষ্ঠ ভাতৃ তথা সমাজসেৱক কিৰণ গোৱালাই কিছুদিন আগতে অকাল মৃত্যুক সাৱটি লয় । প্ৰয়াত গোৱালাৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত 'আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন (Assam Press Correspondents Union)' চমুকৈ 'আপকু’ৰ কাৰ্বি আংলং জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত হৈ সমবেদনা জনায়।
/asomiyapratidin/media/media_files/2025/02/27/m5Ksjnu46rwRCRIqaz7B.jpg)
আপকুৰ সভাপতি ছামছিং ক্ৰ, সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰী, কাৰ্যকৰী সভাপতি ছেমছিং ইংতি, সাংগঠনিক সম্পাদক ছাৰছিং ৰংপি, কোক্ষাধ্যক্ষ লংকিৰাম টেৰণ, সহকাৰী সম্পাদক নেত্ৰকমল শৰ্মা, কাৰ্যকৰী সদস্যত্ৰয় ক্ৰমে পংকজ ডেকা, নাৰায়ণ বৰুৱা আৰু ৰত্ন কান্ত পাঠক’ৰ প্ৰতিনিধি দলটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত তেওঁলোকৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত কিৰণ গোৱালাৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই পত্নীৰ হাতত 'আপকু' ৰ কাৰ্বি আংলং জিলা সমিতিৰ ফালৰ পৰা শোকবাৰ্তা প্ৰদান কৰি পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।
এই আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত সতীৰ্থ সাংবাদিকসকলৰ ভিতৰত ক্ৰমে অনন্ত কুমাৰ গৌড়, দীপক দত্ত, খগেশ্বৰ দাস, মিৰজেং হাঞ্চে, অৰুণ ইংতি কাথাৰ আদি উপস্থিত থাকে ।