গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নী আৰু পৰিয়ালবৰ্গৰ প্ৰতি কাৰ্বি আংলং জিলা 'আপকু'ৰ শ্ৰদ্ধাঞ্জলি

'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ হৈ  কাৰ্যকৰী সদস্যদ্বয় ক্ৰমে পংকজ ডেকা আৰু ৰত্নকান্ত পাঠকে কাৰ্বি আংলং জিলাৰ পৰা সুদূৰ শদিয়াৰ টূপচিঙা গাঁৱত উপস্থিত হৈ গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী আৰু পৰিয়ালবৰ্গৰ হাতত সম্বৰ্ধনাসহ শোকপ্ৰস্তাৱ অৰ্পণ কৰে  ।

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলং জিলা 'আপকু'ৰ শ্ৰদ্ধাঞ্জলি

কাৰ্বি আংলং জিলা 'আপকু'ৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, হাওৰাঘাট : সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত দেওবাৰে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কাৰ্বি আংলং , নগাঁও, যোৰহাট, গোলাঘাট, ধেমাজি, মাজুলী, লক্ষীমপুৰ, ডিব্ৰুগড়কে আদি কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ গাঁৱ -ভূই , চহৰ নগৰৰ আবাল বৃদ্ধ বনিতা সকলোৱে স্বতঃফুৰ্তভাৱে অনুষ্ঠানত উপস্থিত থাকি শোকপ্ৰস্তাৱ আৰু শ্ৰদ্ধাঞ্জলি জনায় । উল্লেখ্য যে 'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ হৈ  কাৰ্যকৰী সদস্যদ্বয় ক্ৰমে পংকজ ডেকা আৰু ৰত্নকান্ত পাঠকে কাৰ্বি আংলং জিলাৰ পৰা সুদূৰ শদিয়াৰ টূপচিঙা গাঁৱত উপস্থিত হৈ গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী আৰু পৰিয়ালবৰ্গৰ হাতত সম্বৰ্ধনাসহ শোকপ্ৰস্তাৱ অৰ্পণ কৰে  ।

Advertisment

জাতি, মাটি, ভেটি আৰু মানুহৰ বাবে গান গোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠানত লাখৰো অধিক উপস্থিত থকা জনসমুদ্ৰই এক নজিৰবিহীন দৃষ্টান্তলৈ পৰিণত হোৱা বুলি জানিব পৰা গৈছে । 

ৰাজীৱ শদিয়া