Advertisment

মাঞ্জাত কাৰ্বি আংলং জিলা আপকু'ৰ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি

আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা শনিবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত সফল সামৰণি পৰে ।

author-image
Asomiya Pratidin
New Update
xftjj

ডিজিটেল সংবাদ, হাওৰাঘাট : আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা শনিবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত সফল সামৰণি পৰে । এই উপলক্ষে কাৰ্বি আংলং জিলা আপকু'ৰ সভাপতি দিগন্ত মহন্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । 

Advertisment

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বীৰেন গোৱালাই । সভাত জিলা আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক তথা উপদেষ্টা ৰবীন বৰুৱা, উপদেষ্টা ছামছিং ক্ৰ', বিষয়ববীয়া খয়াছিং টেৰাং, কেন্দ্ৰীয় সদস্য  খৰছিং ৰংফাৰ, উপ সভাপতি ছেমছিং ইংতি, সদস্য ধৰ্মেন্দ্ৰ খাখলাৰী, নেত্ৰকমল শৰ্মাৰ লগতে জিলা আপকু'ত নতুনকৈ সদস্য অন্তৰ্ভুক্তিৰ বাবে সভাত অংশগ্ৰহণ কৰা ডিফুৰ পংকজ ডেকা, জীয়াছ ৰংপি পাৰখোৱাৰ নাৰায়ণ বৰুৱা, হাওৰাঘাটৰ ৰত্নকান্ত পাঠক উপস্থিত থাকে । 

উল্লেখযোগ্য যে এই সভাতে পাঁচাটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সেইবোৰৰ ভিতৰত উল্লেখযোগ্য  হৈছে আগন্তুক কাৰ্বি আংলং জিলা আপকু'ৰ পঞ্চম সংখ্যক বাৰ্ষিক অধিৱেশনখন  ডকমকাত ২১ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।  

আনহাতে জিলা আপকু'ৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ডিফুত কাৰ্যালয় স্থাপনৰ বাবে ঠাই, মাটি বিচৰা আৰু মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় ।

Haoraghat