/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/22ed416b-fcd2-4ea1-a005-ad17bb1f7f54/17.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গড়জগা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত দেওবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ অধীনস্থ সাহিত্য চ'ৰা ('থুনলাই গাথোন')ৰ ৪৭ সংখ্যক কাৰ্যসূচীৰ সামৰণি পৰে। কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/db3f617a-0e75-4481-9be2-be08f8d5163d/77f73200-54d6-4d63-877c-c4333c3463c4.jpg)
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক চৰণ বসুমতাৰীয়ে । 'থুনলাই গাথোন' অৰ্থাৎ সাহিত্য চ'ৰাৰ এই অনুষ্ঠানত হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভা, ৰজাপথাৰ প্ৰাথমিক বড়ো সাহিত্য সভা আৰু আমনি প্ৰাথমিক বড়ো সাহিত্য সভাৰ লগত জড়িত থকা বড়ো সংগঠনসমূহৰ অগ্ৰজ কৰ্মীসকলক বড়ো আৰণাইৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে পুনৰ বড়ো ভাষাৰ কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই কবিতা পাঠৰ অনুষ্ঠানত কাৰ্বি আংলং জিলাখনৰ মুঠ ৩৮ গৰাকী বিশিষ্ট সাহিত্যিক, কবিসকলে বড়ো ভাষাৰ স্বৰচিত কবিতা পাঠ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/71c90eb7-5e47-495c-ab06-18a35cd2e5cc/a2f5abc0-8d77-4625-9739-86ea24f713a6.jpg)
উল্লেখযোগ্য যে বিশিষ্ট কবিসকলৰ ভিতৰত হৈছে ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী, বিশ্বেশ্বৰ বসুমতাৰী, ৰত্নেশ্বৰ নাৰ্জাৰী, ঝতুৰাজ বসুমতাৰী,শান্তিৰাম বসুমতাৰী, থানেশ্বৰ গয়াৰী, মগেজ নাৰ্জা বড়ো, নিৰ্মল বসুমতাৰী, কে দীপক বসুমতাৰী, খৌদৌম বসুমতাৰী, দদেৰে মাইনাও বড়ো, বাৰেন্দ্ৰ কুমাৰ বসুমতাৰী, কবিতা বসুমতাৰী, দিলীপ দৈমাৰী, প্ৰসেনজিত মোছাহাৰী, পবিত্ৰ ব্ৰহ্ম, ৰাধিকা বসুমতাৰী, ৰূপালী বসুমতাৰী, সুবাসী বসুমতাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, অৰ্জুন বসুমতাৰী, কবিতা বসুমতাৰী আদি ।