কাৰ্বি আংলঙত কৃষি বিভাগে উদযাপন কৰিলে কাতি বিহু...

কাৰ্বি আংলঙত কৃষি বিভাগে উদযাপন কৰিলে কাতি বিহু...

author-image
Asomiya Pratidin
New Update
কাৰ্বি আংলঙত কৃষি বিভাগে উদযাপন কৰিলে কাতি বিহু...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ কৃষি বিভাগৰ উদ্যোগত লংনিটত শুক্ৰবাৰে পৰম্পৰাগত আড়ম্বৰ আৰু উল্লাসেৰে কাতি বিহু উদযাপন কৰা হয় ৷ উল্লেখ্য যে উদযাপনৰ অংশ হিচাপে কৃষি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত সজাগতা অভিযান আৰু অন্যান্য কাৰ্যসূচীও ৰূপায়ন কৰা হয় ।

এই কাৰ্যসূচীত খেতিৰ সা-সঁজুলি বিতৰণ আৰু তাৰ পিছত কাতি বিহুৰ ৰীতি-নীতি সম্পৰ্কেও উপস্থাপন কৰা হয় । ইয়াত উপস্থিত থাকে ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, ডি চি নিৰোলা ফাংচ'পি, কুন্তিলা ৰংহাংপি, ৰাজু ডেকা, দয়াময় সিংহাকে ধৰি কৃষি বিভাগৰ বিষয়াই কৃষকসকলক উদ্দেশ্যি কৃষিৰ দৃষ্টিকোণৰ পৰা কাতি বিহুৰ গুৰুত্বৰ কথা কৈ বিভিন্ন বিষয়ত বক্তব্য আগবঢ়ায় ৷

ইপিনে সজাগতা অভিযানৰ লগতে কাতি বিহুৰ কাৰ্যসূচীত পাঁচ নং প্ৰগতিশীল কৃষকক কৃষি আৰু কৃষিৰ ক্ষেত্ৰত অৱদানৰ বাবে প্ৰশংসাৰ প্ৰমাণ পত্ৰ, তাৰ্পলিন আৰু স্পেড আৰু স্প্ৰেয়াৰৰ দৰে সঁজুলিৰে কৃষকসকলক সম্বৰ্ধনা জনোৱা হয়।

কাৰ্বি আংলঙ