বটদ্ৰৱাত মাৱাটেকা চিটৰিঅ কাৰাটে প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা অনুষ্ঠান

নগাঁও জিলাৰ বটদ্ৰৱাত দেওবাৰে মাৱাটেকা চিটৰিউ কাৰাটে ডো প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ড'জ(প্ৰশিক্ষণ গোট) শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
bbbbbbbbb

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত দেওবাৰে মাৱাটেকা চিটৰিউ কাৰাটে ডো প্ৰশিক্ষণ আৰু বেল্ট পৰীক্ষা অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ ড'জ(প্ৰশিক্ষণ গোট) শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

Advertisment

প্ৰশিক্ষণত চেনচেই ৰিকু কটকী, অসম ৰাজ্যিক কাৰাটে সংস্থাৰ উপসভাপতি, মাৱাটেকা চিটৰিঅ কাৰাটে এছচিয়েছনৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা কিয়চি(kyoshi) জীতেন চৌধুৰী, কিয়চি(kyoshi) মহানগৰ জিলাৰ চেনচেই অম্লানজ্যোতি ডেকাই ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে। ইফালে, অনুষ্ঠানৰ লগত সংগতি ৰাখি মাৱাটেকা চিটৰিউ কাৰাটে ডো প্ৰশিক্ষণ গ্ৰহণ কৰি থকা তথা এইবেলি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃষাশ্ৰী হাজৰিকা, দিপীকা বৰুৱা, নিহাৰিকা বৰা আৰু স্নেহাঙ্কুৰ কাশ্যপক অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। লগতে এই বৰ্ষৰ নিয়মীয়া উপস্থিতিৰ বাবে ২০ গৰাকী ছাত্ৰ ছাত্ৰীক ট্ৰফীৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত সাংবাদিক দিব্যজ্যোতি বৰুৱা, কাৰ্বি আংলং জিলা কাৰাটে ডো সাধাৰণ সম্পাদক মিন্টু শৰ্মাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

বটদ্ৰৱা