ডিজিটেল সংবাদ, ঢকুৱাখনা: বিদ্যালয়ৰ বাবে সংৰক্ষিত আৰু আৱন্টিত ভূমিত স্বয়ম্ভূ মালিকীস্বত্ব খটুৱাই ঢকুৱাখনাৰ এক অশুভ শক্তিয়ে অবৈধ পন্থাৰে কুক্ষীগত কৰা দাম্ভিক প্ৰক্ৰিয়াৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ উঠিছে । ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মৰনৈ পঞ্চায়তৰ কৰঙা গাঁৱত এই দুষ্কাৰ্য সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি অঞ্চলটোৰ শিক্ষাসদীৰ উদ্যোগত ১৯৯৪চনতে প্ৰতিষ্ঠা হৈছিল কৰঙা বলাহী উচ্চ মাধ্যমিক বিদ্যালয়। সুদীর্ঘ বছৰ ধৰি বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱাত আৰু বিদ্যালয়খনতে সংলগ্ন নাগপুৰ কৰঙা মধ্য ইংৰাজী বিদ্যালয়খন প্ৰাদেশিকৃত হৈ কৰঙা বালিজান প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণ হোৱাৰ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ আৱন্টিত ভূমি বেদখলৰ কুচ কাৱাজ আৰম্ভ হয়।
স্থানীয় অঞ্চলবাসী ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে বুধবাৰে পুৱা বিদ্যালয়খনৰ চৌহদৰ বিস্তৰ ভূখণ্ড সমীপৰে ৰমন ৰাজখোৱা আৰু মীনা শইকীয়া নামৰ দুগৰাকী ব্যক্তিয়ে টেক্টৰ লগাই ভূখণ্ড বলপূৰ্বক দখলৰ চেষ্টা কৰে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ জ্ঞাত হোৱাত সকলো ৰাইজ একত্ৰিত হৈ ওলায় আহি এই নীতিবিৰুদ্ধ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। বিদ্যালয়খনৰ চৌহদৰ বিপৰীতে আৱন্টিত প্ৰায় ১৪ বিঘা ভূমিৰ তিলমানু অবৈধ দখল কৰিবলৈ দিয়া নহব বুলি ৰাইজে ঐক্যমত পোষণ কৰি এই সংৰক্ষিত মাটিকালি ৰাজহুৱা ব্যৱহাৰৰ বাবে, গ্ৰাম্য যুৱক-যুৱতীসকলৰ ৰাজহুৱা খেল পথাৰ হিচাবে ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাৰ সংকল্প দোহাৰী এনে নীতিবৰ্হিভূত কাৰ্যৰ পৰা বিৰত থাকিবলৈ বেদখলকাৰীসকলক সকিয়াই দিয়ে।
ইপিনে বহু বছৰৰ পূৰ্বে উক্ত মাটিকালি বিদ্যালয় প্ৰতিষ্ঠাৰ বাবে দান সূত্ৰে উৎসৰ্গা কৰাৰ পাছত এতিয়া বিদ্যালয়খনৰ কায়িক অস্তিত্ব নোহোৱা হোৱাৰ বাবে ভূমিদাতাৰ পৰিয়ালে এই ভূমি দখলত নামি পৰা বুলি জানিব পৰা গৈছে। ৰাইজৰ দাবী ৰাজহুৱা অনুষ্ঠানৰ নামত আৱন্টিত ভূমি কোনো ব্যক্তিৰ অধিকাৰ নাথাকে আৰু প্ৰয়োজন হ'লে চৰকাৰী বিধি ব্যৱস্থাৰে ভূমিস্বত্ব অর্জন কৰক।
অন্যথাই ৰাজহুৱা অনুষ্ঠানৰ বাবে আবন্তিত ভূমিত বেদখল কৰিলে ৰাজহুৱা প্ৰতিৰোধৰ সন্মুখীন হ'ব লাগিব। ৰাজহুৱা অনুষ্ঠানৰ বিপৰীতে আবন্তিত ভূমি বলপূৰ্বক হস্তগত কৰাত উদ্যোগ লোৱা পূৰ্বৰ ভূমি ডাটা পৰিয়ালৰ এনে নীতি বিৰুদ্ধ ভূমিকাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হোৱাৰ পাছত ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু সোৱণশিৰী ৰাজহ চক্ৰ বিভাগৰ তৎপৰতা জৰুৰী হৈ পৰিছে । অন্যথাই সামাজিক অসন্তুষ্টিয়ে তীব্ৰ ৰূপত গা কৰি উঠাৰ আশঙ্কাই দেখা দিছে।