/asomiyapratidin/media/media_files/2025/09/14/345-2025-09-14-10-41-45.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী : শনিবাৰৰ নিশা নগাঁৱৰ কঠীয়াতলী ৰেংবেংত কৰম পৰৱ উৎসৱ উদযাপন কৰা হয়।
ৰেংবং চাহবাগিছা খেলপথাৰত অসম চাহমজদুৰ সংঘৰ ৰেংবং চাহবাগিছাৰ প্ৰাথমিক গোট আৰু স্থানীয় শ্ৰমিক ৰাইজৰ সহযোগত কৰম পৰব উৎসৱ উদযাপন কৰা হয়।
নেৰানেপেৰা বৰষুণৰ মাজতো মাদলৰ শব্দ আৰু জুমুৰ নৃত্যত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল। উৎসৱৰ শুভাৰম্ভণী অনুষ্ঠানটোত উপস্থিত থাকে কঠীয়াতলী পঞ্চায়তৰ সভানেত্ৰী অঞ্জনা ভূঞা, কঠীয়াতলী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী শইকীয়া, সমাজকৰ্মী নৃপেন শৰ্মা,জয়ন্ত ভূঞা আদি।