/asomiyapratidin/media/media_files/2025/06/01/VBIZLuqkYTDvECSczZtN.jpg)
ভয়াবহ বান পৰিস্থিতিৰ শংকাত দিন কটাইছে কামপুৰবাসীয়ে
ডিজিটেল সংবাদ, কামপুৰঃ আজিও কামপুৰত বিপদ সীমাৰ ওপৰৰে বৈ আছে কপিলী নৈ। খানদং বান্ধৰ চাৰিখনকৈ গেটৰ লগতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখন কৈ গেট খুলি দিয়াৰ ফলত বাঢ়িছে কপিলীৰ জলস্তৰ। বিগত কেইদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা কপিলী ইয়াৰ উপ নৈ বৰপানী আৰু নিশাৰীৰ জলস্তৰ শনিবাৰৰ পৰাই অতিক্ৰম কৰিছে বিপদসীমা।
তিনিওখন নৈয়ে ভিন্ন সময়ত সমগ্ৰ কামপুৰ অঞ্চলত সংহাৰ সৃষ্টি কৰি আহিছে। কপিলী নৈৰ বাঢ়নী পানীয়ে অৱশেষত শনিবাৰে মাজনিশা কামপুৰৰ উত্তৰপাৰৰ পটিয়াপামৰ এটা গুৰুত্বপূৰ্ণ মথাউৰি ছিঙি প্লাৱিত কৰে কামপুৰৰ কেইবাখনো ৰাজহ গাঁও। কামপুৰ পটিয়াপামৰ আৰু যমুনামুখ সংযোগী পথৰ লগতে কামপুৰ গোঁসাইগাওঁ সংযোগী পথৰ কেইবাঠাইত পথৰ ওপৰৰে পানী বাগৰাত যাতায়ত ব্যাহত হৈ পৰিছে। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পটিয়াপামৰ মথাউৰী নিশা কপিলী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়াত বহুলোক আতংকিত হৈ পৰিছে।
/asomiyapratidin/media/media_files/2025/06/01/qbozsELW3kkhE7mTV8s4.jpeg)
পটিয়াপামৰ মথাউৰি ছিঙি নিয়াৰ ফলত নিশাই কপিলী নদীৰ বাঢ়নী পানী হুৰাহুৰে কপিলীৰ উত্তৰপাৰৰ পটিয়াপামকে ধৰি কহাৰগাঁও, চাংজুৰাই, কাঠকটীয়াগাওঁ, লখিমী নগৰ বানপানীৰ কবলত পৰে। ঠিক সেইদৰে কপিলী দক্ষিন পাৰত গোঁসাইগাঁও গাৰুখুন্দা, চাংচকী আদি গাওঁ জলমগ্ন হৈ পৰিছে । স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কৰ পৰা তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে । পূৰ্বৰ বানৰ সময়তো মথাউৰি মেৰামতিৰ কামত বিশেষ কোনো গুৰুত্ব নিদিয়াৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই ।
/asomiyapratidin/media/media_files/2025/06/01/apqEtjrPhmlMT4NYX0gq.jpeg)
বৰাই ক্ষোভ উজাৰি কয়,“জলসম্পদ বিভাগৰ সময়োচিত ব্যৱস্থাৰ অভাৱত বান বিপৰ্যয়ৰ মাত্ৰা বৃদ্ধি পাইছে । জেঠ মাহৰ প্ৰথমটো বাৰিষাতেই কপিলীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া পটিয়াপামৰ মথাউৰিৰ লগতে ৰাজ্যৰ প্ৰতিটো ভগ্ন মথাউৰি মেৰামতি নকৰিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব । কেৱল অসমৰ সম্পদ লুট কৰিব জনা চৰকাৰে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে ।”
মথাউৰিৰ তৎকালীন মেৰামতি, বানৰ পৰা সুৰক্ষাৰ বাবে শক্তিশালী বান্ধ নিৰ্মাণ আৰু জলমগ্ন গাঁওবাসীৰ বাবে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰাই । পটিয়াপামৰ মথাউৰি মেৰামতিৰ নামত চৰকাৰে আবন্টন দিয়া ধনেৰে ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ ফলতেই বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে।