/asomiyapratidin/media/media_files/2024/12/06/R7uL6yLaO7MR20WAa5F1.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ যাতায়তৰ বাবে দুৰ্বল হৈ পৰিছিল কামপুৰৰ কপিলী দলং। এই দলংখনৰ সৈতে আবেগ জড়িত হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শৈশৱত কামপুৰ পুৰণি কপিলী দলঙত হাতীৰ পিঠিত উঠি ককা দেউতা নাতি আৰু হাতীত অভিনয় কৰিছিল শৰ্মাই। সেই দলংখন দুৰ্বল হৈ পৰাত যথেষ্ট অসুবিধা হৈছিল ৰাইজ।
পশ্চিম কাৰ্বি আংলঙকে ধৰি এটা বৃহৎ অঞ্চলৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰণি কপিলী দলঙৰ কাষেদি এখন নতুন দলং নিৰ্মাণ কৰি দিম বুলি কথা দিছিল ৰাইজক। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আজি কপিলী নতুন দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। নতুন দলংখনে যাতায়ত সুচল কৰাৰ লগতে কামপুৰৰ যাতায়ত আৰু অৰ্থনীতি ক্ষেত্ৰত সুপ্ৰভাৱ পেলাব বুলি আশা কৰিছে ৰাইজে। দলংখন কামপুৰবাসীক উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে কামপুৰবাসীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us