/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/kapil-sarma-4.jpg)
ডিজিটেল ডেস্কঃ অহা ১০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব চনি টিভিৰ জনপ্ৰিয় শ্ব' 'কমেডি নাইট উইথ কপিল শৰ্মা'। ইতিমধ্যে এই শ্ব'ৰ বাবে আৰম্ভ হৈছে শ্বুটিং। এইবাৰ কমেডি নাইট উইথ কপিল শৰ্মা শ্ব'ৰ আৰম্ভণি খণ্ডটো হয়তো অসমৰ বাবে বিশেষ হৈ ৰ'ব। কিয়নো তেওঁৰ শ্ব'ত এইবাৰ দেখা যাব অসমৰ এগৰাকী বিশেষ খেলুৱৈক।
বাৰ্মিংহাম কমনৱেলথ গেমছৰ লন বলত স্বৰ্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰা অসম কন্যা নয়নমণি শইকীয়াক দেখা যাব শ্ব'টোত। ইতিমধ্যে নয়নমণিৰ সৈতে শ্বুটিং সম্পূৰ্ণ কৰিছে কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাই। শেহতীয়াকৈ কপিল শৰ্মায়ে ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছে শ্বুটিং স্থলীৰ দৃশ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/00d5f8d6-98cd-4ec6-a7ff-6280c7d99684-819x1024.jpg)
কমেডি নাইট উইথ কপিল শৰ্মাৰ এই বিশেষ শ্ব' সম্ভৱত ৰিয়েল হিৰ'ক লৈয়ে হ'ব। কাৰণ নয়নমণিৰ উপৰিও দেশক গৌৰৱান্বিত কৰি বাৰ্মিংহামত স্বৰ্ণ জয় কৰা আন বহু কেইগৰাকী মহিলা খেলুৱৈক একেলগে দেখা গৈছে শ্বুটিংস্থলীত। কপিল শৰ্মাই প্ৰকাশ কৰিছে সেই দৃশ্য।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/917dfac4-aedd-4b2c-8bfc-cbfef9b57924-826x1024.jpg)
নয়নমণিৰ উপৰিও অনুষ্ঠানটোত দেখা যাব শ্বাটলাৰ পিভি সিন্ধু, লাভলী ছৌবে,নিখত জাৰিন, ৰূপাৰাণী আৰু পিংকীক। উল্লেখ্য যে কপিল শৰ্মা শ্ব'ৰ নতুন ছিজন আৰম্ভ হোৱাৰ পূৰ্বেই তেওঁৰ শ্ব'ক লৈ আৰম্ভ হৈছে চৰ্চা। তাৰ মাজতেই এইদৰে নয়নমণিকে ধৰি দেশৰ কেইবাগৰাকীও স্বৰ্ণ কন্যাক এইদৰে সন্মান প্ৰদান কৰা বুলি জানিব পাৰি সকলো অধিক উৎসাহী হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/77c62fc0-c509-4aba-9d3c-49268642fcce-821x1024.jpg)