গুলীচালনাৰ ১০ দিনৰ পাছত পুনৰ মুকলি হ'ল 'কেপছ কেফে'

কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ মালিকানাধীন ‘কেপছ কেফে’ পুনৰ মুকলি হৈছে। গুলীচালনাৰ ঘটনাৰ ১০ দিন পাছত কেফেখন পুনৰ সাধাৰণ লোকৰ বাবে খোলা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-20 at 4.38.55 PM

ডিজিটেল ডেস্কঃ কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ মালিকানাধীন ‘কেপছ কেফে’ পুনৰ মুকলি হৈছে। গুলীচালনাৰ ঘটনাৰ ১০ দিন পাছত কেফেখন পুনৰ সাধাৰণ লোকৰ বাবে খোলা হয়। এই কথা কপিল শৰ্মাই নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে জানিবলৈ দিছে।

Advertisment

১৯ জুলাইত ‘কেপছ কেফে’ৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰা হয়। পোষ্টটোত কেফে দলটোৱে জনাইছে, “কেপছ কেফে কাইলৈ পুনৰ মুকলি হ’ব। আমি আপোনাক বহুত মিছ কৰিলোঁ আৰু আপোনালোকৰ অবিৰত মৰম আৰু সহায়ৰ বাবে আমি সঁচাকৈয়ে কৃতজ্ঞ। আন্তৰিক ধন্যবাদেৰে আমি আমাৰ দুৱাৰ খুলিছো। আপোনাক আদৰিবলৈ আমি সাজু। সোনকালে দেখা পাম, পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ।”

উল্লেখযোগ্য যে, ১০ জুলাই তাৰিখে কেপছ কেফেৰ বাহিৰত গুলীচালনা হৈছিল। স্থানীয় আৰক্ষীয়ে সদৰি কৰা অনুসৰি, এই ঘটনাৰ সময়ত ৰেষ্টুৰেণ্টখনৰ ভিতৰত কৰ্মচাৰীসকল উপস্থিত আছিল যদিও সৌভাগ্যবশতঃ কোনো হতাহত হোৱা খবৰ পোৱা হোৱা নাই। আৰক্ষীৰ তদন্তত বিল্ডিংটোৰ এখন খিৰিকীত প্ৰায় ১০টা গুলীৰ চিন পোৱা গৈছিল আৰু বহু খিৰিকীৰ গ্লাছ ভঙা অৱস্থাত উদ্ধাৰ হৈছিল।

এই আক্ৰমণৰ দায়িত্ব খালিস্তানপন্থী সন্ত্ৰাসবাদী হাৰ্জিত সিং ওৰফে লাডীয়ে স্বীকাৰ কৰিছিল। এই ঘটনাই স্থানীয় ৰেষ্টুৰেণ্ট ব্যৱসায়ীসকলৰ মাজত আতংক সৃষ্টি কৰিছিল। কিন্তু এতিয়া কপিল শৰ্মা আৰু তেওঁৰ দলৰ দৃঢ় মনোবলৰ বাবে পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ‘কেপছ কেফে’। কপিল শৰ্মাই নিজৰ ছ’চিয়েল মিডিয়াতো কেফে কৰ্মচাৰীসকলক ধন্যবাদ জনাইছে আৰু তেওঁলোকৰ সাহস আৰু দৃঢ়তা প্ৰশংসা কৰিছে।

কানাডা কপিল শৰ্মা