৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তী...

গৰিষ্ঠ সংখ্যক স্মাৰক, আদৰণি তোৰণৰে সমগ্ৰ অঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তী...

৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তী

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ   ঢকুৱাখনাৰ প্ৰাথমিক শিক্ষা ক্ষেত্ৰখনৰ অন্যতম সমুজ্জ্বল নক্ষত্ৰ হিচাবে পৰিগণিত ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়। স্থানীয় ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত জীয়মৰিয়া গাঁওত ১৮৭২ চনতে স্থাপন হৈছিল ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়।

Advertisment

উক্ত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখন আজি গৌৰৱোজ্জ্বল ১৫০ বছৰীয়া জয়ন্তীৰ শুভ ক্ষণত উপনীত হৈছে। সেয়ে ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে তিনি দিনীয়া বৰ্ণিল কার্যক্রমণিকা বৃহস্পতি বাৰৰ পৰা শুভাৰম্ভ হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। 

অঞ্চলটোত গুণগত আনুষ্ঠানিক শিক্ষা প্ৰসাৰণত অন্যতম বাটকটীয়া ভূমিকা গ্ৰহণ কৰি অহা এইখন বিদ্যালয়ৰ ১৫০বছৰীয়া জয়ন্তী উদযাপন সমিতি, অঞ্চলবাসী শুভাকাংক্ষী ৰাইজ , সুদীর্ঘ পৰিক্ৰমাত বিদ্যালয়খনৰে সম্পৃক্ত হোৱা সকলো শিক্ষক শিক্ষাৰ্থীৰ সংঘবদ্ধ প্ৰচেষ্টাত বৃহস্পতি বাৰে পুৱা বিদ্যালয় প্ৰধান সেৱিকা শইকীয়াই বিদ্যালয় পতাকা উত্তোলন  আৰু উদযাপন সমিতিৰ সভাপতি নৱ দলেই জয়ন্তীৰ পতাকা উত্তোলনেৰে  তিনি দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। 

উদযাপন সমিতিয়ে জনোৱা অনুসৰি পতাকা উত্তোলনৰ পাছতে জয়ন্তী উপলক্ষে ১৫০খন পতাকা ১৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰাৰ পৰৱৰ্তী সময়ত দুপৰীয়া "বৰ্তমান শিক্ষা ব্যৱস্থাত প্ৰাথমিক শিক্ষাৰ প্ৰাসংগিকতা" শীৰ্ষক এক আলোচনা চক্ৰ মূল মঞ্চত অনুষ্ঠিত হ'ব । শিক্ষাবিদ সেৱক চুতীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা আলোচনা চক্ৰত আলোচক হিচাবে শিক্ষাবিদ ডঃ কেশৱ হাজৰিকা , প্ৰফুল্ল চুতীয়া ,অৱসৰ প্ৰাপ্ত শিক্ষাবিদ পুষ্পা গগৈয়ে অংশগ্ৰহণ কৰিব।

ইয়াৰ পাছতে জয়ন্তীৰ উদযাপন সমিতিৰ তৰফৰ পৰা সমীপৱৰ্তী অঞ্চলৰ বৰ্ষীয়ান  ব্যক্তি সকলক সম্বৰ্ধনা কাৰ্যসূচী । বিয়লি মাতৃ গোট সমাৰোহ অনুষ্ঠিত হ'ব । সমাৰোহত "প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ  চৰিত্ৰ গঠনত মাতৃ সকলৰ ভূমিকা "শীৰ্ষক এক আলোচনা চক্ৰ  প্ৰবীণ শিক্ষাবিদ অনিতা দত্ত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত কৰিব ।

আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়া।  জয়ন্তীৰ দ্বিতীয় দিনা  বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ পাছতে স্মৃতিগ্ৰন্থ  উন্মোচন কৰিব প্ৰবীণ শিক্ষাবিদ ডিম্বেশ্বৰ গগৈয়ে। পৰৱৰ্তী সময়ত প্ৰাক্তন শিক্ষাৰ্থী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ পাছত শিক্ষাবিদ ডঃ ঠানু ৰাম মজিন্দাৰৰ সঞ্চালনাত অনুষ্ঠিত হ'ব " চৰকাৰী বিদ্যালয় সমূহৰ প্ৰতি চৰকাৰ আৰু সমাজৰ দায়িত্ব আৰু কৰ্তব্য" শীৰ্ষক এক আলোচনা চক্ৰ।

শিক্ষাবিদ লক্ষী কোঁৱৰ, হেম বৰুৱা , প্ৰতিমা চেতিয়াই আলোচক হিচাবে অংশগ্ৰহণ কৰিব লগা এই আলোচনাত চক্ৰৰ পাছতে সাংস্কৃতিক অনুষ্ঠান। জয়ন্তীৰ তৃতীয় দিনা মুকলি সভাত মুখ্য অতিথি হিচাবে বিশিষ্ট সাহিত্যিক, চিকিৎসক ডাঃ নিৰ্মল চাহেৱালা , অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়্ন্ত্ৰক পংকজ বৰঠাকুৰ , নিৰ্দিষ্ট বক্তা হিচাবে অৱসৰ প্ৰাপ্ত শিক্ষাবিদ ছবিলাল জৈন, শিক্ষাবিদ ডঃ ঠানু ৰাম মজিন্দাৰ আদিৰ লগতে বহু কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে অন্তিম দিনৰ মুকলি সভাত অংশগ্ৰহণ কৰিব।

উদযাপন সমিতিৰ হৈ সম্পাদিকা সেৱিকা শইকীয়া আৰু সহকাৰী সম্পাদিকা নৱনীতা দেৱীয়ে জয়ন্তীৰ উক্ত তিনি দিনৰ সমূহ  কাৰ্যসূচী শিক্ষানুৰাগী ,শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতাৰে সাফল্য মণ্ডিত কৰাৰ আহ্বান জনায়।

উল্লেখ্য যে, বৃহত্তৰ অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠানখনৰ বৰ্ণিল জয়ন্তীৰ পৰিপ্ৰেক্ষিতত গৰিষ্ঠ সংখ্যক  স্মাৰক, আদৰণি তোৰণৰে সমগ্ৰ অঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰিছে।

assam dhakuakhana school