জামুগুৰিহাটত স্থাপন হ'ল কন্যকা কোচিং চেন্টাৰ...

জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত এই কোচিং চেন্টাৰৰ বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আযুক্ত অংকুৰ ভৰালীয়ে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ নৱতম সংযোজন কন্যকা কোচিং চেন্টাৰৰ আজি শুভাৰম্ভ কৰা হয় ৷ জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত এই কোচিঙ চেন্টাৰৰ বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে শোণিতপুৰ জিলাৰ আযুক্ত অংকুৰ ভৰালীয়ে। 

ইয়াৰ পাছতে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে জ্ঞানগৰ্ভ তথা তত্বগধুৰ ভাষণ প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই কয় বৰ্তমান বাণিজ্যিক তন্ত্ৰৰ যুগত কন্যকাৰ দৰে অনুষ্ঠানে এইদৰে বিনামূলীয়াকৈ ADRE,SSC,APSC আদিৰ লগতে আন প্ৰতিযোগিতামুলক পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'ব পৰাকৈ এইদৰে কোচিঙ চেন্টাৰৰ ব্যৱস্থা কৰাটো নিসন্দেহে ইতিবাচক চিন্তা পৰিচায়ক

উল্লেখ্য যে, আজি উদ্বোধনী অনুষ্ঠানিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু নদুৱাৰ সমজিলাৰ আযুক্ত মানস কুমাৰ শইকীয়াই ৷

পদ্ম হাজৰিকা