/asomiyapratidin/media/media_files/2025/07/04/new-ap-web-1-5-2025-07-04-13-24-06.jpg)
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰানাৱট সন্ধানহীন হৈছে! এই অভিযোগ উত্থাপন কৰিছে কংগনাৰ মাণ্ডী সমষ্টিৰ একাংশ লোকে। শেহতীয়াকৈ হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হোৱা কংগনা ৰানাৱট বিৰোধীৰ লগতে নিজ দলৰ লোকৰো আক্ৰমণৰ সন্মুখীন হৈছে। হিমাচল প্ৰদেশত বান পৰিস্থিতিয়ে জটিল ৰূপ লোৱাৰ পাছতো সমষ্টিবাসীক সাক্ষাৎ কৰিবলৈ যোৱা নাই কংগনা ৰানাৱট। যাৰবাবে এতিয়া ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী।
ইফালে এই বিষয়ত সন্দৰ্ভত স্পষ্টীকৰণ দিছে কংগনাই। মাণ্ডী সমষ্টিৰ সাংসদগৰাকীয়ে ইনষ্টাগ্ৰামত লিখিছে, "হিমাচলত প্ৰায় প্ৰতি বছৰে বানে সৃষ্টি কৰা এনে ধ্বংসলীলা হৃদয় বিদাৰক। মই চেৰাজ আৰু মাণ্ডীৰ অন্যান্য বানপীড়িত অঞ্চলত উপনীত হ'বলৈ চেষ্টা কৰিছিলো, কিন্তু সন্মানীয় বিৰোধী নেতা জয়ৰাম ঠাকুৰে বানপীড়িত অঞ্চলসমূহৰ সংযোগ আৰু প্ৰৱেশ পুনৰ ঘূৰি অহালৈকে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।" কংগনাই লগতে উল্লেখ কৰে যে, "আজি মাণ্ডী ডিচিয়েও ৰেড এলাৰ্ট জাৰি কৰিছে। এই সন্দৰ্ভত বিষয়াসকলৰ অনুমোদনৰ বাবে অপেক্ষা কৰি থকা হৈছে। মই অতি সোনকালে তাত উপস্থিত হ'ম, ধন্যবাদ।"
আনহাতে ইয়াৰ পূৰ্বে ২ জুলাইত কংগনাই সদৰি কৰিছিল, "হিমাচল প্ৰদেশৰ মাণ্ডী জিলাৰ ডাৱৰ বিস্ফোৰণৰ হৃদয়বিদাৰক ঘটনাটো অতি বেদনাদায়ক। এই দুৰ্যোগত প্ৰাণ হেৰুৱাই পেলোৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো, ভগৱানে বিদেহী আত্মাক শান্তি দিয়ক, আহতসকলৰ আশু আৰোগ্য লাভ কৰক আৰু নিৰুদ্দেশ হোৱা লোকসকল নিৰাপদে ঘূৰি আহক - এইয়াই মোৰ প্ৰাৰ্থনা।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us