/asomiyapratidin/media/media_files/2024/12/18/PNRgxm6APDxSIMHKsARM.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ বুধবাৰে ৰাজ্যৰ বৰ্ষীয়ান সাংবাদিক-সাহিত্যিক, চিন্তাবিদ, "দৈনিক অগ্ৰদূত"ৰ মুখ্য সম্পাদক, অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি কনকসেন ডেকাক ৰাজ্যখনৰ অগ্ৰণী প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
এই উপলক্ষে মহানগৰীৰ গণেশগুৰিৰ গনেশ মন্দিৰৰ সমীপত থকা অগ্ৰদূত ভৱনত আয়োজিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান । সভাত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- "বৰেণ্য কথাশিল্পী- সাংবাদিক কনকসেন ডেকাৰ চিন্তা - চেতনা সৰ্বত্ৰে অগ্ৰদূত। অসমতে নহয় ভাৰতবৰ্ষৰ বাবে তেওঁ নমস্য । পোহৰ সন্ধানি লোকক ডেকাচাৰে সদায় ভাল পাইছিল ।"
পৰাগজ্যোতি প্ৰকাশনৰ সচিব,সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈনে কয়- "অসমীয়া ভাষা-সাহিত্যত অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে কনকসেন ডেকাই। তেওঁ সৎ আৰু নিষ্ঠাৰে নিজৰ দেশৰ বাবে যুগে যুগে চিৰস্মৰণীয় হৈ থাকিব। নতুন প্ৰজন্মৰ বাবে দিগদৰ্শক হৈ থাকিব তেখেত ।"
কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা ৰাজ্যিক কৃতি শিক্ষক বঁটা বিজয়ী ৰজত চন্দ্ৰ ভৰালীয়ে কয়- "সমাজ দায়বদ্ধ সাংবাদিক, চিন্তাশীল লেখক কনকসেন ডেকা। তেওঁৰ চিন্তা-চৰ্চা, পিন্ধন-উৰণ, খোজ সকলোতে দিগগজ।" সভাত আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া কন্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ ডিজেন কাকতি আৰু ডোৰা-কহৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী, লেখিকা দুৰ্গামণি বৰগোহাঁইয়ে নিজস্ব ভাষণত সাংবাদিক - সাহিত্যিক কনকসেন ডেকাৰ বহুমুখী প্ৰতিভাৰ কথা আলোকপাত কৰে।
সম্বৰ্দ্ধনা গ্ৰহণ কৰি বৰ্ষীয়ান সাংবাদিক কনকসেন ডেকাই কয়- "পৰাগজ্যোতি প্ৰকাশনৰ এই সম্বৰ্দ্ধনাই মোক অধিক প্ৰাণৱন্ত কৰি তুলিলে।" শ্ৰীডেকাই আৰু কয়- ব্যৰ্থতাক ধৰি নাৰাখি আগুৱাই যাব লাগে। আজিকালি সৎ মানুহৰ স্থান কম। বৰ্তমান ৰাজনীতিত পবিত্ৰতা কমিছে। সাহিত্য -কলা-সংস্কৃতি তৰল হৈছে। সমাজখন নিকা কৰিবলৈ সকলো ভাল মানুহে হাতে-কামে আগুৱাই আহিব লাগে।"