ডিজিটেল সংবাদ,ওদালগুৰিঃ গ্ৰাম্য পৰ্যটনৰ এক জনপ্ৰিয় নাম কনকা গ্ৰাম্য ৰিজৰ্ট। বছৰটোৰ অন্তিম দিনকেইটাত এতিয়া লোকে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে ৰিজৰ্টখনত। প্ৰতিদিনে প্ৰায় ৩০০ৰ পৰা ৫০০ জনলৈ অতিথিয়ে বৰ্তমান ৰিজৰ্টখনত ভিৰ কৰিছে । ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ নদীৰ পাৰত বিগত প্ৰায় ৬-৭ বছৰ পূৰ্ৱে গঢ়ি উঠা এই ৰিজৰ্টখন বৰ্তমান প্ৰকৃতিপ্ৰেমী পৰ্যটকসকলৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
গ্ৰাম্য চহা পৰিৱেশৰ মাজত গঢ়ি উঠা এই ৰিজৰ্টখনে এতিয়া দেশী-বিদেশী পৰ্যটকসকলকো যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছে। যাৰ ফলশ্ৰুতিত বছৰটোৰ প্ৰায় প্ৰতিটো মাহতে ৰিজৰ্টখনত আহি ভিৰ কৰে বিদেশী পৰ্যটকসকলে। চহৰৰ সেই যান্ত্ৰিক পৰিৱেশৰ পৰা আতৰি আহি এক নৈসৰ্গিক গ্ৰাম্য পৰিৱেশৰ মাজত সম্পূৰ্ণ এটা দিন কটাবলৈ ৰিজৰ্টখনক সাজু কৰি তুলিছে কৰ্তৃপক্ষই।
বিভিন্ন দুসাহসিক ক্ৰীড়াৰ লগতে শিশুসকলৰ মনোৰঞ্জনৰ বাবেও বিভিন্ন ক্ৰীড়া সমাহাৰ উপলব্ধ আছে ৰিজৰ্টখনত। ইয়াৰোপৰি বৰশীৰে মাছ মৰা, নাও চলোৱা, ঘোৰাত উঠি ৰিজৰ্টখনৰ পৰিৱেশ উপভোগৰ লগতে ফুটবল, বেডমিণ্টন, কেৰম, দবা, বাস্কেটবল খেল ইত্যাদিৰো সু ব্যৱস্থা আছে ৰিজৰ্টখনত।
ৰিজৰ্ট কৰ্তৃপক্ষই এইবেলি ৰিজৰ্টখনৰ সৈতে সংযোজন কৰিছে এক বনভোজস্থলীও। পাচনৈ নদীৰ পাৰত এক শান্তিময় পৰিৱেশৰ মাজেৰে বনভোজপ্ৰেমীসকলে বনভোজ খাব পৰাকৈ সুন্দৰ পৰিৱেশ সজাই তুলিছে ৰিজৰ্টখনৰ কৰ্তৃপক্ষই। য'ত ৰিজৰ্টখনলৈ যোৱা অতিথিসকলেও ভিৰ কৰা পৰিলক্ষিত হয়।
একেদৰে আবেলি সূৰ্যাস্তৰ দৃশ্যইও এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰে বনভোজস্থলীত এই দৃশ্য কেমেৰাত বন্দী কৰাৰ বাবে বনভোজস্থলীত ভিৰ কৰে অতিথিসকলে। একপ্ৰকাৰ ক’বলৈ গ'লে এক বিৰক্তিহীন পৰিৱেশৰ মাজেৰে সুন্দৰকৈ দিন পাৰ কৰিবলৈ উপযোগী হিচাপে গঢ়ি তোলা এই ৰিজৰ্টখনলৈ আহি প্ৰতিজন লোকে সুন্দৰভাৱে নিজৰ দিনটো স্মৰণীয় কৰি ৰাখিব পৰিব।