কামপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু কামপুৰ মহাবিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি

চুক্তি মতে দুয়োপক্ষই সন্নিৱিষ্ট কৰা বিভিন্ন লক্ষ্য আৰু উদ্দেশ্যৰ লগতে কাৰ্য পন্থাসমূহৰ সফল ৰূপায়ণ কৰিবলৈ আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ সুবিধা অনুসৰি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ সা সুবিধা গ্ৰহণ কৰিব পাৰিব

author-image
Asomiya Pratidin
New Update
fdg

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ মহাবিদ্যালয়ত শনিবাৰে কামপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু কামপুৰ মহাবিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি সম্পাদন কৰা হয়। চুক্তি মতে দুয়োপক্ষই সন্নিৱিষ্ট কৰা বিভিন্ন লক্ষ্য আৰু উদ্দেশ্যৰ লগতে কাৰ্য পন্থাসমূহৰ সফল ৰূপায়ণ কৰিবলৈ আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ সুবিধা অনুসৰি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ সা সুবিধা গ্ৰহণ কৰিব পাৰিব।

Advertisment

 একেদৰে উদ্দেশ্যসমূহৰ সফল ৰূপায়ণৰ বাবে সজাগতা সভা, বক্তৃতা অনুষ্ঠান আলোচনা চক্ৰ, আলোচনী, পুস্তিকা আদি প্ৰকাশ কৰিব। এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে কামপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সভাৰাম মজুমদাৰে আৰু কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অসীম বৰাই।

এই চুক্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে নগাঁও জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ শৰৎ বৰকটকীয়ে আৰু কামপুৰ শাখাৰ উপ-সভাপতি, প্ৰাক্তন অধ্যক্ষ পুনিৰাম শইকীয়া, কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষী নাথ, কবি সন্মিলনৰ সভাপতি গুণ কাকতি, কামপুৰ জেষ্ঠ্য নাগৰিক ৰ সম্পাদক পুষ্পেন্দ নাথ কবি প্ৰদীপ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰভাত বৰা, প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়া সাহিত্যিক প্ৰমোদ বৰা আদি কেইবাজনো জ্যেষ্ঠ নাগৰিকে। তাৰোপৰি সমন্বয়ক তথা অধ্যাপক দ্বীপ কলিতা, অধ্যাপিকা ড০ প্লাৱিকা নেওগ আদি কেইবাজনো অধ্যাপক উপস্থিত থাকে। 

kampur