/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/dbd62dca-0399-4034-93b9-6d357ed9e66a/dc_kamrup.jpg)
kamrup dc
ডিজিটেল সংবাদ,ছমৰীয়াঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ থান, ছমৰীয়া সত্ৰত মংগলবাৰে উপস্থিত হৈ সেৱা ল'লে কামৰূপ জিলাৰ নৱনিযুক্ত উপায়ুক্ত কীৰ্তি জলীয়ে।
উপায়ুক্ত গৰাকী সত্ৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে ছমৰীয়া সত্ৰৰ গায়ন- বায়ন আৰু ভকতসৱে সত্ৰৰ মূল নামঘৰলৈ আদৰি নিয়ে।উপায়ুক্ত জলীয়ে সেৱা লৈয়ে সত্ৰৰ ভিতৰলৈ গৈ দৰ্শন কৰে আৰু আপুৰুগীয়া সম্পদবোৰ সত্ৰৰ ভকত সকলে উপায়ুক্ত গৰাকীক দেখুৱাই।
ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী আৰু সত্ৰ পৰিচালনা সমিতিৰ সৈতে সত্ৰৰ অতিথিশালাত সত্ৰখনৰ উন্নয়নৰ লগতে বিভিন্ন দিশত আলোচনাত মিলিত হয়। উল্লেখ্য যে, উপায়ুক্ত গৰাকীক ছমৰীয়া সত্ৰৰ অতিথিশালাত ছমৰীয়া সত্ৰৰ মজুমদাৰ ডালিম পাঠকে এখন শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ছমৰীয়া সত্ৰ দৰ্শনৰ সময়ত উপায়ুক্ত গৰাকীক সংগ দিয়ে ছমৰীয়া খণ্ড উন্নয়ন বিষয়া ছফিকুল ইছলাম,ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰীতম দাস,ছমৰীয়া ৰাজহ চক্ৰৰ এছ কে প্ৰদীপ কলিতাৰ লগতে ছমৰীয়া অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ লগতে ছমৰীয়া সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে।
উল্লেখ্য যে, ছমৰীয়া সত্ৰ দৰ্শনৰ পিছতে উপায়ুক্ত গৰাকীয়ে সোনতলী উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে সোনতলী পানীখাইতিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।