দেওবাৰে উন্মোচন হ'ব ''প্ৰজ্ঞাৰ আলোক- ড০ পবিত্ৰ কুমাৰ পাটোৱাৰী'' শীৰ্ষক গ্ৰন্থ

অভিনন্দন গ্ৰন্থখন উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধৰীয়ে

author-image
Asomiya Pratidin
New Update
দেওবাৰে উন্মোচন হ'ব ''প্ৰজ্ঞাৰ আলোক- ড০ পবিত্ৰ কুমাৰ পাটোৱাৰী'' শীৰ্ষক গ্ৰন্থ

কামৰূপ জিলা সাহিত্য সভা

ডিজিটেল ডেস্কঃ দেওবাৰে কটন বিশ্ব বিদ্যালয়ৰ এলামণি ভৱনত অনুষ্ঠিত হ'ব কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা । এই সভাৰ আয়োজন কৰিছে কামৰূপ জিলা সাহিত্য সভাই।

৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই সভাত সভাত ড০ পবিত্ৰ কুমাৰ পাটোৱাৰীলৈ জনোৱা হ'ব সম্বৰ্ধনা ।ইয়াৰোপৰি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হ'ব "প্ৰজ্ঞাৰ সাধক- ড০ পবিত্ৰ কুমাৰ পাটোৱাৰী" শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ।

উল্লেখ্য যে, অভিনন্দন গ্ৰন্থখন উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধৰীয়ে। অন্যহাতে অনুষ্ঠানৰ আৰম্ভণীতে মঙ্গলাচৰণ কৰিব জে এইচ ফ্ৰেডলীনে।

kamrup guwahati