কামৰূপ এক্সপ্ৰেছত অঘটনঃ যাত্ৰীক চাহ খোৱাই লুটিলে সোণৰ অলংকাৰ...

কামৰূপ এক্সপ্ৰেছত অঘটনঃ যাত্ৰীক চাহ খুৱাই লুটিলে সোণৰ অলংকাৰ...
কামৰূপ এক্সপ্ৰেছত অঘটনঃ যাত্ৰীক চাহ খুৱাই লুটিলে সোণৰ অলংকাৰ...

ডিজিটেল সংবাদ চিৰাংঃ সোমবাৰে কামৰূপ এক্সপ্ৰেছ ৰে'লত যাত্ৰা কৰা এগৰাকী যাত্ৰীক নিচাযুক্ত সামগ্ৰী খোৱাই সৰ্বস্ব লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ বাসিন্দা বিমল সৰকাৰ (৫২) আজি নিউ কোচবিহাৰ ৰে'ল ষ্টেচনৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰে'লযোগে আহি থকাৰ সময়তে দুৰ্বৃত্তৰ এটা দলে কৌশলপূৰ্ণ ভাৱে নিচাযুক্ত দ্ৰব্য মিলোৱা চাহ খুৱাই দিয়ে।

ৰে'লখনে আলিপুৰদুৱাৰ ষ্টেচন অতিক্ৰম কৰাৰ পিছতে বিমল সৰকাৰ সংজ্ঞা হেৰুৱাই পেলায়। তাৰ পিছতে দুৰ্বৃত্তৰ দলে বিমল সৰকাৰৰ হাতৰ দুটা সোণৰ আঙুঠি, মোবাইল ফোনটো লৈ গুছি যায় ।

ইপিনে বাসুগাঁও ৰে'লষ্টচনত কামৰূপ এক্সপ্ৰেছৰ ষ্টপেজ নথকাৰ কাৰণে বিমল সৰকাৰে কোকৰাঝাৰ লৈকে ৰে'লৰ টিকট ক্ৰয় কৰিছিল। এই কথাটো সহযাত্ৰী এজনে জানিছিল। কিন্তু কামৰূপ এক্সপ্ৰেছ ৰে'লখন যেতিয়া কোকৰাঝাৰ ৰে'লষ্টচনত উপস্থিত হয় তাত বিমল সৰকাৰে ৰে'লৰ পৰা নমাৰ পৰিৱৰ্তে নিদ্ৰাত মগ্ন থাকে।

সহযাত্ৰীজনে বিমল সৰকাৰক টোপনিৰ পৰা উঠাবলৈ চেষ্টা কৰোতেই তেওঁ বাগৰি পৰাৰ উপক্ৰম হয়। ইয়াৰ লগে লগে সহযাত্ৰীজনৰ সন্দেহ হয় আৰু অন্যান্য যাত্ৰীসকলৰ সহযোগত সংজ্ঞাহীন অৱস্থাত বিমল সৰকাৰক কামৰূপ এক্সপ্ৰেছৰ পৰা নিউ বঙাইগাঁও ৰে'লষ্টেচনত নমাই দি আৰ পি এফক গতাই দিয়ে ।

পিছত বাসুগাঁৱৰ বাসিন্দা তথা ৰে'লবিভাগৰ কৰ্মচাৰী এজনে লোকজনক দেখি সোধপোছ কৰাত তেখেতৰ নাম আৰু ঠিকানা কোনোমতে জনাবলৈ সক্ষম হোৱাত কৰ্মচাৰীজনে মোবাইল ফোন যোগে সমগ্ৰ বিষয়টো বাসুগাঁৱৰ স্থানীয় সংবাদ মাধ্যমৰ লোকক অৱগত কৰে।

ঘটনা সন্দৰ্ভত বিমল সৰকাৰে জানিব পাৰি তেওঁক নিউ বঙাইগাঁও ৰে'লষ্টেচনৰ পৰা বাসুগাঁৱৰ ঘৰত লৈ আহে। সৌভাগ্য ক্ৰমে লুণ্ঠনকাৰী দলটোৱে বিমল সৰকাৰৰ পকেটৰ পৰা নগদ টকা উলিয়াবলৈ সক্ষম নহ'ল। এই ঘটনাই এতিয়া ভাৰতীয় ৰে'লত সাধাৰণ যাত্ৰী কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in