/asomiyapratidin/media/media_files/2025/06/21/ggfg-2025-06-21-18-50-41.jpg)
ডিজিটেল সংবাদ, হাজোঃ কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰে ৰামদিয়াত কঠিয়া সিঁচা কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ অন্তৰ্গত সমূহীয়া কঠিয়াতলী প্ৰস্তুতি আঁচনিৰ অধীনত স্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ মাজৰকুৰি গাঁৱৰ কৃষিভূমিত আনুষ্ঠানিকভাৱে কৃষি উন্নয়ন বিষয়াৰ তত্ত্বাৱধানত চি আৰ ৩১০ জাতৰ ধান সিঁচা হয়৷
উক্ত অনুষ্ঠানত স্থানীয় কৃষকসকলৰ লগতে উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° সোণমইনা ভূঞা, জিলা কৃষি বিষয়া,কামৰূপ মানৱ জ্যোতি দাস, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা জিলা ন'ডেল বিষয়া তথা মহকুমা কৃষি উন্নয়ন বিষয়া মৌচুমী হাজৰিকা,মহকুমা কৃষি উন্নয়ন বিষয়া গিৰিন্দ্ৰ কুমাৰ শৰ্মা, বংশৰ তথা ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়াদ্বয় ক্ৰমে ভাস্বতী শৰ্মা আৰু কংকনা নাথ, আৰু মিডিয়া বিশেষজ্ঞ অক্ষমালা মহন্ত। উক্ত অনুষ্ঠানৰ অন্তত ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰামদিয়া আঞ্চলিক কৃষক সংঘৰ সদস্য কৃষকসকলৰ লগত কৃষি বিষয়াসকলে মুকলি ভাৱ বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ইপিনে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৫-২৬ বৰ্ষৰ অধীনত কামৰূপ মেট্ৰ’ জিলাৰ ধাৰাপুৰ কৃষি উন্নয়ন চক্ৰৰ পূব মাজিৰগাঁৱৰ পথাৰত শালিধানৰ বীজ সিঁচি সমূহীয়া কঠিয়াতলী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। দুই হেক্টৰ ভূমিত স্থানীয় কৃষি উন্নয়ন বিষয়াৰ উপস্থিতিত এই কাম আৰম্ভ কৰা হৈছে।
ইফালে, কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা আত্মাৰ সহযোগত শনিবাৰে বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত এখন কৃষক প্ৰশিক্ষণৰ আয়োজন কৰা হয়। ধান উৎপাদন পদ্ধতি সম্পৰ্কীয় উক্ত প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, কাঁহিকুঁচিৰ মুখ্য বিজ্ঞানী ড° ধীৰেন চৌধুৰী, বকোৰ ভাৰপ্ৰাপ্ত মহকুমা কৃষি উন্নয়ন বিষয়া গৌতম ৰায়চৌধুৰী, খণ্ড কাৰিকৰী প্ৰবন্ধক ছোনিয়া ৰামচিয়াৰী তথা কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া। বকো অঞ্চলৰ বহুকেইগৰাকী প্ৰগতিশীল কৃষকে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।