/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-8.jpg)
ডিজিটেল সংবাদ দুমুনিচকী :- কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মালিবাৰী গাঁৱৰ বানাক্ৰান্ত ৰাইজক কনা হাঁহক পতান দিয়াৰ লেখীয়াকৈ বান সাহায্য প্ৰদান কৰা কাৰ্যত গাওঁ খনৰ ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। যাৰ ফলত উক্ত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ পৰা বিৰত আছে স্থানীয় ৰাইজ।
জানিব পৰা মতে বান পানী হোৱাৰ পিছৰ পৰা মালিবাৰী অঞ্চলত বান সাহায্যৰ নামত বিভাগীয় ভাৱে এটা ফুটাকড়িও প্ৰদান কৰা হোৱা নাই। কোনো ধৰণৰ বান সাহায্য প্ৰদান নকৰা মালিবাৰী গাঁৱখনত দুমুনিচকী সংযোগী এটা গড়কাপ্তানী পথ বানে সম্পূৰ্ণ ছিগি লৈ যোৱাৰ উপৰি অতি ব্যাস্ত শালমাৰা আন্ধেৰীঘাট গড়কাপ্তানী পথৰ বিস্তৰ ক্ষতি সাধন কৰে। গাঁও খনৰ সৰ্বমুঠ পৰিয়ালৰ ৯৮ শতাংশৰ চোতাল আৰু বাসগৃহৰ ভিতৰত পানী সোমাই পৰে।
কেইবাটাও পৰিয়ালে আশ্ৰয় শিবিৰত থাকিব লগা হোৱাৰ পিছতো বান বিধ্বস্ত মালিবাৰী বাসীয়ে বান সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। পিছত কমলপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰাত বিভাগীয় ভাবে বান সাহায্য প্ৰেৰণ কৰে যদিও প্ৰায় ৪৫০ টা পৰিয়াল থকা গাঁওবাসীৰ তুলনাত উক্ত সামগ্ৰী তেনেই নগণ্য হোৱাৰ বাবে গাওঁ বাসী লোকে উক্ত সাহায্য বিতৰণ কৰাৰ পৰা বিৰত থাকে।
বিষয় সম্পৰ্কে জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে অবগত হৈ মালিবাৰীত উপস্থিত হয়। উপাযুক্ত গৰাকীয়ে বোকা পানী গছকি বানাক্ৰান্ত লোকৰ অভিযোগ সম্পৰ্কে জানি লৈ পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰেৰণ কৰাৰ লগতে পশু খাদ্য প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰে।
আৰু পঢ়ক: যশৱন্ত সিনহা: প্ৰাক্তন মন্ত্ৰী, আই এ এছ, অধ্যাপক হ'ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি!