ডিজিটেল সংবাদ,ৰঙিয়াঃ ২০২৫ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱত কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰক দেখা গ’ল শিক্ষকৰ ৰূপত । আমিনগাঁও বেংগলী স্কুলৰ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম বুজোৱাৰ লগতে কবিতা পাঠ কৰালে আয়ুক্ত গৰাকীয়ে।
সমান্তৰালকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও শুনিলে কবিতা। স্কুলীয়া জীৱনৰ কথা মনলৈ আহি নষ্টালজিক হৈ পৰে আয়ুক্ত গৰাকী। উল্লেখ্য যে পূৰ্বতে A+ গ্ৰেড লাভ কৰা আমিনগাঁও বেংগলী বিদ্যালয়ত বৰ্তমান ৩৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী আছে।