/asomiyapratidin/media/media_files/2025/04/29/IqpnwNaXN6FDc02bTNTq.jpg)
ডিজিটেল সংবাদ, কামপুৰ : কামপুৰ পুৰণি বজাৰ অঞ্চলৰ বিশিষ্ট যুৱ সমাজকর্মী, কামপুৰ বৰুৱা মার্কেটৰ অন্যতম স্বত্বাধিকাৰী পল্লৱ বৰুৱা (৩৫)ৰ মঙলবাৰে হৃদৰোগত আক্রান্ত হৈ আকস্মিক বিয়োগ ঘটে। যোৱা নিশা হৃদৰোগত আক্রান্ত হোৱাৰ পিছত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হয় যদিও আজি দুপৰীয়া মৃত্যুক সাৱটি ল’বলগীয়া হয়।
সদ্যপ্রয়াত পল্লৱ বৰুৱা ভাৰতীয় জনতা পার্টিৰ যুৱ মর্চাৰ কামপুৰ নগৰ মণ্ডলৰ প্রাক্তন সম্পাদক হোৱাৰ উপৰি ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ একনিষ্ঠ কর্মী আছিল। সৰবৰাহী যুৱকজনৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে যথেষ্ট সংখ্যক গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থি হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে।
বৰুৱাৰ মৃত্যুত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, বিজেপিৰ কলিয়াবৰ জিলাৰ সভাপতি বাবুল বৰা, বৰুৱা মার্কেট ব্যৱসায়ী সন্থা, আৰোহন, ৰামধেনু গোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰে। মৃত্যুৰ সময়ত পল্লৱ বৰুৱাই পত্নীসহ এটিকৈ পুত্র-কন্যা ইহ সংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us