/asomiyapratidin/media/media_files/2025/06/16/b3RnB5YUY21rzhaUS763.jpg)
ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেঁতেলীসৰাৰ পলশাবাৰী-বামুনীজানত নিশাৰী নৈৰ ব্যাপক খহনীয়া হোৱাত যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। দেওবাৰে নিশা হোৱা প্ৰৱল বৰষুণৰ পিছত ব্যাপক খহনীয়া সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
উল্লেখ্য যে নিশাৰী নৈ পূৱ পাৰে কামপুৰ-কঠীয়াতলী পথৰ পৰা বামুনীজান পলশা লৈকে প্ৰায় তিনি কিলোমিটাৰ এলেকাৰ লগতে পলশবাৰী পূজাবাৰীৰ কাষত নিশাৰী নৈয়ে কেইবা ঠাইতো ব্যাপক খহনীয়া সৃষ্টি কৰিছে। বিগত বহু বছৰ ধৰি বিশেষকৈ ২০২২ বৰ্ষত প্ৰৱল বানত ব্যাপক খহনীয়া সৃষ্টি হৈছিল এই এলেকাত।
আনফালে পলশা-বামুনীজানত পাঁচ ঠাইত আৰু পূৱ তেঁতেলীসৰা গাঁৱত কেইবাঠাইটো খহনীয়া হোৱাত জৰুৰীকালিন সেৱাকে ধৰি বাইক, চাইকেল, চাৰিচকীয়া যান-বাহন চলাচল কৰাত অসুবিধা সন্মুখীন হৈ পৰিছে। উল্লেখ্য যে ২০২২ বৰ্ষৰ বানৰ পিছত স্থানীয় ৰাইজে এই গৰাখহনীয়া মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজিকোপতি ইয়াৰ নিৰ্মাণ অথবা মেৰামতি নকৰাত ব্যাপক ক্ষোভ উজাৰিছে ৰাইজে।
পলশা বামুনীজানত কেইবাঘৰো লোকৰ নিশাৰীৰ বুকুত ঘৰ-মাটি জাহ যোৱাৰ উপক্ৰম হৈছে।কিছুদিন পূৰ্বে হৈ যোৱা বছৰৰ প্ৰথমটো বানপানীত কিছুপৰিমানে পথছোৱা খহি আহিছিল।
ওবাৰে নিশা হোৱা বৰষুণ পিছত পথছোৱা সম্পূৰ্ণৰূপে খহিবলৈ ধৰাত শংকিত হৈ পৰিছে স্থানীয় কৃষিজীৱী লোকসকল। ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বান নিয়ন্ত্ৰন মন্ত্ৰীক তাৎক্ষনিকভাৱে গৰাখহনীয়া এলেকাসমূহ মেৰামতি কৰাৰ দাবী জনাইছে।