/asomiyapratidin/media/media_files/2025/02/18/m17k1epwppP42NfMFeac.jpg)
কামপুৰ
ডিজিটেল সংবাদ, কামপুৰঃ টাই আহোম যুৱ পৰিষদ চমুকৈ 'টাইপা'ৰ নেতা উদ্দীপ্ত গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাই আজি কামপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
যোৱা সোমবাৰে সোনাৰীত টাই আহোম যুৱ পৰিষদে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক দাহ কৰা কাৰ্যৰ বিৰোধিতা কৰি শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখা আৰু ৮ খন আঞ্চলিকৰ সদস্যৰ উপস্থিতিত সভাপতি মুনীন্দ্ৰ নাথ বৰা আৰু সম্পাদক দিগেন বৰাই এজাহাৰ দাখিল কৰে ।
সভাপতি আৰু সম্পাদকদ্বয়ে 'টাইপা'ৰ কৰ্মকৰ্তা সকলৰ এনে কাৰ্যই শংকৰদেৱ সংঘৰ স্বাভিমান আৰু গুৰুজনাৰ মহান আদৰ্শৰ ঐশ্বৰ্য্যময় সত্তাটোক কুঠাৰঘাট কৰিছে বুলি উল্লেখ কৰে ।
তদুপৰি 'টাইপা'ই শংকৰদেৱ সংঘক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৰা কাৰ্যত লক্ষ লক্ষ ভকতে মনত প্ৰচণ্ড আঘাত পাইছে বুলি সংঘৰ কামপুৰ জিলা শাখাৰ সভাপতি-সম্পাদক দ্বয়ে এজাহাৰত উল্লেখ কৰি বিষয়টো গুৰুত্বসহকাৰে লৈ তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us