আচঁনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিৰ ব্যাপক লুণ্ঠন

পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰৰ মাজতে শিঙিমাৰী গাওঁ পঞ্চায়তত আচঁনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিয়ে ব্যাপক লুন্ঠন চলাইছে বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থআপন কৰিছে বিজেপি দলৰ একাংশ লোকে ৷ 

author-image
Asomiya Pratidin
New Update
আচঁনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিৰ ব্যাপক লুণ্ঠন

আচঁনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিৰ ব্যাপক লুণ্ঠন

ডিজিটেল সংবাদ, কামপুৰঃ পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰৰ মাজতে শিঙিমাৰী গাওঁ পঞ্চায়তত আচঁনি ৰূপায়নৰ নামত জনপ্ৰতিনিধিয়ে ব্যাপক লুন্ঠন চলাইছে বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থআপন কৰিছে বিজেপি দলৰ একাংশ লোকে ৷ 

Advertisment

কঠীয়াতলি উন্নয়ন খণ্ডৰ শিঙিমাৰী গাওঁ পঞ্চায়তৰ বিজেপি দলৰ প্ৰাক্তন সভাপতি শিবাংকৰ ভৌমিক, জিপিচি প্ৰিয়ংকা দাসৰ লগতে একাংশ ৱাৰ্ড সদস্যই বিগত পাচঁটা বছৰত পি এম এ ওৱাই আৰু অন্যান্য আচঁনিৰ নামত ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ বিজেপিৰে একাংশ কৰ্মীৰ ৷ পঞ্চায়তখনৰ ২৫গৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ নামত আবন্টিত গৃহৰ ধন জনপ্ৰতিনিধিয়ে গৃহ নিৰ্মাণ নকৰাকৈ কৌশলেৰে ধন আত্মসাৎ কৰিছে ৷ পি এম এ ওৱাই গৃহৰ কিনা-বেচা, জিঅ'টেগৰ নামত ধন সংগ্ৰহ, ৰেচন কাৰ্ডৰ নামতো ধন সংগ্ৰহৰ অভিযোগ তুলি শতাধিক লোকৰ স্বাক্ষৰিত অভিযোগ পত্ৰ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী, জিলা আয়ুক্তকে আদি কৰি বহু কাৰ্যালয়ত দাখিল কৰিছে ৷

অভিযোগ পত্ৰ দাখিল
অভিযোগ পত্ৰ দাখিল

 

উল্লেখযোগ্য যে, ৰজাগাওঁ -শিঙিমাৰী অঞ্চলৰ পি এম এ ওৱাইৰ দৰিদ্ৰ হিতাধিকাৰী ক্ৰমে ৰিমী ছৌধুৰী,ৰঞ্জিত বৰদলৈ, কানু চাগৰা, কে এন জে মিথি, মঙ্গলী খলাৰ, মাথে মিথি, ফুমেন টেৰণ, প্ৰসাদ সৰকাৰ, পুতুলী চাগৰা, ৰিণামাই মিথি, ৰুণু লস্কৰ, সঞ্জয় মিথি, বিণা শৰ্মা, জুনমনি শইকীয়া, শ্যামল দে, সুৰেশ মিথি, যোগেশ্বৰ মিথি, অমৰ চন্দ্ৰ, ৰত্না চন্দ্ৰ, দুলাল ভৈমিক, বাদল দাসকে আদি কৰি ২৫গৰাকী হিতাধিকাৰীৰ গৃহ নিৰ্মাণত ব্যাপক কেলেংকাৰী সংঘটিত কৰিছে ৷ অভিযোগ অনুসৰি, উল্লেখিত চক্ৰটোয়ে পি এম এ ওৱাই (জি) গৃহৰ ধন আত্মসাৎ কৰাৰ ওপৰিও ৰেচন কাৰ্ড বনোৱাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ তুলি অঞ্চলটোৰ ছয়ত্ৰিশ গৰাকী লোকৰ স্বাক্ষৰিত অভিযোগ পত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য সচিব, নগাওঁ জিলা আয়ুক্ত, কঠীয়াতলি উন্নয়ন খণ্ড বিষয়া, স্থানীয় বিধায়ক আৰু নগাওঁ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত দাখিল কৰিছে ৷ 

দুৰ্নীতি কামপুৰ