/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/dba671d6-e667-4f4d-9b96-af9f94008a19/2.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নিশাৰী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ পাছত পানীত পৰি মৃত্যু হয় মহগৰিয়া আটি গাঁৱৰ এজন লোকৰ। নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়া আটি গাঁৱৰ ৰবীন্দ্ৰ নাথৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। জানিব পৰা মতে, ৪৯ বছৰীয়া নাথ শুকুৰবাৰে পথাৰলৈ ঘাঁহ কাটিবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল।
আত্মীয়ই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও নাথৰ কোনো সন্ধান লাভ কৰা নাছিল। আজি বিয়লি লোকজন পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি মৃতদেহটো উদ্ধাৰ কৰে। পিছত কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।
Also Read: বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us