Advertisment

বগৰী খেতিৰে স্বাৱলম্বনৰ বাট বুলিছে নুৰুল ইছলামে...

author-image
Asomiya Pratidin
New Update
বগৰী খেতিৰে স্বাৱলম্বনৰ বাট বুলিছে নুৰুল ইছলামে...

ডিজিটেল সংবাদ, কামপুৰঃ মন কৰিলেই চন ,বকৰাণী মাটিতেই ধন।' অসমীয়া জনজীৱনৰ এই আপ্তবাক্য শাৰী বাস্তৱত পৰিণত কৰি দেখুৱাইছে নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱাৰ আলিটাঙনিৰ এজন লোকে। কৰ্মকে ধৰ্ম হিচাবে লৈ নুৰুল ইছলাম লোকজনে বগৰী খেতি কৰি এবছৰীয়া নিৰন্তৰ কষ্টৰ ফচল হিচাবে ইস্পিত সন্তোষজনক লাভালাভ অর্জন কৰিবলৈ সক্ষম হৈছে।

Advertisment

কচুৱাৰ আলিটাঙনী গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ নুৰুল ইছলামে কিছুবছৰৰ আগতে গাঁৱৰ মাটিতে কৃষিকাৰ্য কৰি জীৱন অতিবাহিত কৰিছিল যদিও বানপানীয়ে কৃষিভূমি প্ৰতিবছৰে নষ্ট কৰাৰ বাবে গাঁও এৰি নগাঁও জিলাৰ ধিংলৈ গুছি গৈছিল।ধিংত কল আৰু মধুৰীআমৰ খেতি কৰিব আৰম্ভ কৰে যদিও বিভিন্ন কাৰনত সফলতা অৰ্জন কৰিব নোৱাৰি পুনৰ নিজৰ ঘৰলৈ ঘুৰি আহে।

২০২০ চনত মহামাৰী কৰুনাত মানৱ জাতি হাঁহাকাৰ কৰাৰ সময়ত নুৰুল ইছলামৰো পানীত হাঁহনচৰা অৱস্থা সৃষ্টি হৈছিল।তেনে সময়ত ইউটিউৱত ভি ডি অ চাই বগৰী খেতিৰ বাবে মন মেলে।বিগত বৰ্ষত পৰীক্ষামূলক ভাৱে কচুৱাৰ লুটুমাৰী এবিঘা মাটিত বগৰী খেতি কৰাৰ পিছত এইবেলি

ঐতিহাসিক মাধৱ থানৰ কৃষি ভূমিত ব্যতিক্ৰমী ঋতুকালীন খেতি কৰাৰ মনস্থ কৰি সংগ্ৰহ কৰে জাগিৰোডৰ এখন নাৰ্চাৰী পৰা বগৰী পুলি। চাৰি বিঘা মাটি কালি চহ কৰি নুৰুল ইছলামে বৈজ্ঞানিক উক্ত মাটিত ৰোপণ কৰে কেইবাটাও উন্নত প্ৰজাতিৰ আপেল বগৰীৰ পুলি।

২০২৩ বর্ষৰ মাৰ্চ- এপ্ৰিল মাহত সমগ্ৰ মাটিকালিত এই বগৰী পুলি ৰোপণ কৰি বৈজ্ঞানিক পদ্ধতিৰে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা লোমা লোমে ফচল উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। । মাটিৰ গুণাগুণ আৰু জৈৱিক সাৰ প্ৰয়োগ সাপেক্ষে অন্য আপেল বগৰিতকৈ অধিক সুস্বাদু আৰু উৎকৃষ্ট মানৰ লগতে অধিক পৰিমাণৰ বগৰী উৎপাদন কৰি ঈর্ষণীয় অৰ্থোপার্জন কৰিবলৈ সক্ষম হোৱাৰ আশা কৰিছে নুৰুল ইছলামে ।

Also Read: ফাগুন নামিছেঃ ৰঙা শিমলুয়ে ৰঙিয়াল কৰিছে কাজিৰঙাক...