বানপানীৰ পিছত বিদ্যালয়ৰ অৱস্থা দেখি চকু সেমেকি উঠিল শিক্ষাৰ্থীৰ...

বিগত এটা পষেক ধৰি  নেৰানেপেৰা বৰষুনৰ পিছত হোৱা  কপিলী আৰু নিশাৰী নৈ বাঢ়নী পানীয়ে কামপুৰ অঞ্চলত সংহাৰ সৃষ্টি কৰিছিল। এই বানত কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিব লগা হৈছিল।

New Update
yhyhff

ডিজিটেল সংবাদ, কামপুৰঃ  বিগত এটা পষেক ধৰি  নেৰানেপেৰা বৰষুনৰ পিছত হোৱা  কপিলী আৰু নিশাৰী নৈ বাঢ়নী পানীয়ে কামপুৰ অঞ্চলত সংহাৰ সৃষ্টি কৰিছিল। এই বানত কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিব লগা হৈছিল।

Advertisment

কামপুৰ ৰাজহ চক্ৰৰ তেঁতেলীসৰা পঞ্চায়তৰ অন্তৰ্গত পলশাবাৰী আৰু বামুনীজানটো সংহাৰী ৰূপ লয় কপিলী আৰু নিশাৰী নৈয়ে।গাঁও দুখনৰ ললিত নাথ মধ্য ইংৰাজী বিদ্যায় আৰু বামুনীজান নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু লগতে থকা অংগণৱাডী কেন্দ্ৰৰ গৃহত পানী হোৱাত যোৱা ২ জুনৰ পৰা বিদ্যালয়ৰ পাঠদান বন্ধ হৈ পৰে।

আজি  পুৱা বিদ্যালয়লৈ পুনৰ ছাত্ৰ -ছাত্ৰী সকল বিদ্যালয়লৈ আহি ছাত্ৰ - ছাত্ৰী সকল হতবাক হৈ পৰে।বিদ্যালয়ৰ ভিতৰত পানী সোমোৱাত মজিয়াত কম পৰিমানে পলশ পৰাৰ লগতে  বৰ্তমানেও সেমেকি আছে।সম্পূৰ্ণ বিদ্যালয় চৌহদ আৱৰ্জনাৰে ভৰি থকাত আজি বিদ্যালয়ৰ শিক্ষক -কৰ্মচাৰী ছাত্ৰ -ছাত্ৰীৰ সকলে বিদ্যালয়ৰ চাফ -চিকুনৰ কামত লাগে।

বিদ্যালয়ৰ মজিয়া পকী কৰন কৰাৰ লগতে গাওঁখনৰ মাজৰে যোৱা মথাউৰিটো ওখকৈ নিৰ্মান কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰুধ কৰিছে ছাত্ৰ - ছাত্ৰী সকলৰ লগতে শিক্ষক -কৰ্মচাৰী সকলে

বানপানী