কেৰ্কেটুৱাই খালে তামোলঃ সম্বন্ধীয় দুই ভাতৃৰ মাজত লাগিল কাজিয়া, এজনে হেৰুৱালে প্ৰাণ

বৃহস্পতিবাৰে পুৱা কামপুৰ থানাৰ অন্তৰ্গত পূৱ তেঁতেলীসৰা গাঁৱত এক নৃশংষ হত্যাকাণ্ড সংঘটিত হয়।কৃষ্ণ ভূঞা নামৰ এজন লোকক কোৰৰে মৰিয়াই হত্যা কৰে ভাতৃয়ে।

author-image
Asomiya Pratidin
New Update
কেৰ্কেটুৱাই খালে তামোলঃ সম্বন্ধীয় দুই ভাতৃৰ মাজত লাগিল কাজিয়া, এজনে হেৰুৱালে প্ৰাণ

ডিজিটেল সংবাদ কামপুৰঃ আজি পুৱা কামপুৰ থানাৰ অন্তৰ্গত পূৱ তেঁতেলীসৰা গাঁৱত এক নৃশংষ হত্যাকাণ্ড সংঘটিত হয়।কৃষ্ণ ভূঞা নামৰ এজন লোকক কোৰৰে মৰিয়াই হত্যা কৰে ভাতৃয়ে।

Advertisment

জানিব পৰা মতে কেৰ্কেটুৱাই তামোল খোৱাক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে পুৱা খৰ্গেশ্বৰ ভূঞাৰ ঘৰৰ বাৰীৰ তামোল কেৰ্কেটুৱাই খোৱাত তেওঁৰ ঘৰৰ টিনত পৰে। কিন্তু খৰ্গেশ্বৰ ভূঞাই তেওঁৰ ঘৰলৈ কৃষ্ণ ভূঞাই পাথৰ দলিওৱাৰ সন্দেহ কৰি খেদি যায়। 

ফলত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হোৱাত খৰ্গেশ্বৰ ভূঞাই কৃষ্ণ ভূঞাৰ মূৰত কোৰেৰে আঘাত কৰে। সেই আঘাতত অতি গুৰুতৰভাৱে আহত হোৱা কৃষ্ণ ভূঞাক ততাতৈয়াকৈ কামপুৰ এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। 

দিনটো চিকিৎসাধিন হৈ থকাৰ পিছত বিয়লি প্ৰায় চাৰি বজাত গুৱাহাটি চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে কৃষ্ণ ভূঞাৰ মৃত্যু হয়। ইতিমধ্যে খৰ্গেশ্বৰ ভূঞাক আৰক্ষীয়ে আটক কৰা বুলি জনা গৈছে।

কামপুৰ অপৰাধ