/asomiyapratidin/media/media_files/2025/07/08/1-2025-07-08-12-02-45.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুনৰ পিছত বানৰ কৱলত পৰিছে নগাঁও জিলাৰ কামপুৰ আৰু কঠীয়াতলী অঞ্চল। কপিলীৰ উপনৈ নিশাৰী নৈ বাঢ়নী পানীত বুৰিছে বহু অঞ্চল।জলমগ্ন হৈ পৰিছে তেঁতেলীসৰা; জুমৰমুৰ ; কঠীয়াতলী পঞ্চায়তৰ বৃহৎ কৃষিভূমি।
বানত তেঁতেলীসৰা পঞ্চায়তৰ মনোহৰ গাঁও, মাহনীআটি, অমৰাৱতী, তেঁতেলীসৰা গ্ৰাণ্ট, পূৱ তেঁতেলীসৰা, টেলিয়াআটি, কছাৰীখন্দা, কঠীয়াতলী পঞ্চায়তৰ বুকলুং, বৰহোলা, মনোহৰগাঁও, বিলচাআটি, টেপআটি আৰু জুমৰমুৰ পঞ্চায়তৰ জুমৰমুৰ গাঁৱকে ধৰি বিভিন্ন গ্ৰামাঞ্চলৰ শ শ বিঘা কৃষিভূমি বানৰ কবলত পৰিছে।
কঠীয়াতলীৰ বিলচাআটি -কঠালগুৰী আৰু মহগড় -টেপআটি সংযোগী পথৰ ওপৰৰে পানী বাগৰাত যাতায়ত ব্যাহত হৈ পৰিছে। আহাৰ মাহত পথাৰৰ কঠীয়া আৰু ৰোৱাতলীত পানী সোমোৱাত মুৰে কপালে হাত দিছে কৃষকে।